ৰ’দে পোৰা হাতখনৰ কিদৰে যত্ন ল’ব?

0
1579
আমি সকলোৱে গৰমৰ বা ঠাণ্ডাৰ দিনত মুখৰ যত্ন পাৰ্যমানে লওঁ যদিও হাত-ভৰিৰ যত্ন লোৱাত প্ৰায়ে অৱহেলা কৰোঁ৷ সাধাৰণতে গৰমকালি মুখৰ ছালখনৰ সুৰক্ষাৰ বাবে ছানস্ক্ৰিন বা বিভিন্ন প্ৰসাধন সানিহে বাহিৰলৈ ওলোৱা বা চকুৰ সুৰক্ষাৰ ক্ষেত্ৰত ছানগ্লাছ পিন্ধিহে ৰ’দত ওলোৱা দেখা যায়৷ কিন্তু ইয়াৰ বিপৰীতে তুলনামূলকভাৱে আমি প্ৰায়ভাগে হাত দুখনৰ সুৰক্ষাৰ বাবে কোনো যত্ন নলওঁ৷ ইয়াৰ ফলত গৰমৰ দিনত বাহিৰ ওলালে হাত দুখন ৰ’দে দহি ক’লা কৰি পেলায়৷ দীৰ্ঘদিন এনেদৰে অযত্নৰ ফলত ৰ’দে পোৰা হাতৰ ভয়াৱহ সমস্যাই দেখা দিব পাৰে৷ ইয়াৰ পৰা হাত সৰাৰ উপায় হিচাপে কি কৰিব, জানো আহক৷
5 DIY haldi packs for your skin benefit | Be Beautiful India

ৰ’দে পোৰা দাগ নাইকিয়া কৰিবলৈ দৈ,হালধি আৰু নেমুৰ ৰস অত্যন্ত কাৰ্যকৰী৷ এচামুচ হালধিৰ গুড়ি, পৰিমাণ অনুযায়ী দৈ লগ কৰক৷ এই মিশ্ৰণটোৰ লগত নেমুৰ ৰস মিহলাই এটা এটা পেষ্ট তৈয়াৰ কৰক৷ এই তিনিটা উপকৰণ মিশ্ৰিত পেষ্টটো ৰাতি ৰ’দে পোৰা অংশত লগাওক৷ ২০ মিনিটমান হাতত ৰ’দে পোৰা অংশত লগাই ঠাণ্ডা পানীৰে ভালদৰে ধুই পেলাওক৷ এইদৰে ৰাতি শোৱাৰ আগতে প্ৰায় এসপ্তাহ ৰ’দে পোৰা অংশত এই মিশ্ৰণটো লগালে আচৰিত ফল লাভ কৰিব৷ নিয়মিত এই মিশ্ৰণ ব্যৱহাৰ কৰাৰ ফলত ৰ’দে পোৰা দাগ নাইকিয়া হোৱাৰ লগতে ছালখন মসৃণ হ’ব৷

এই মিশ্ৰণটোত থকা হালধি বেক্টেৰিয়াৰোধী উপাদানেৰে সমৃদ্ধ বাবে ছালৰ উজ্জ্বলতা বঢ়াই তোলে৷ দৈত প্ৰচুৰ পৰিমাণে লেক্টিক এচিড থাকে বাবে ছালৰ মৃত কোষবোৰ আঁতৰ কৰাত সহায় কৰে৷ আনহাতে নেমুত ভিটামিন-C পোৱা যায় বাবে ছালৰ ক’লা ভাব নাইকিয়া হোৱাৰ অৰিহণা যোগায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here