ড্ৰাগ্‌ছ বেপাৰীৰ বিৰুদ্ধে এন ডি পি এছ আইন বলৱতৰ নিৰ্দেশ

0
580
ৰাজ্যখনত এতিয়া বহু পিতৃ-মাতৃয়ে তেওঁলোকৰ ড্ৰাগ্‌ছ আসক্ত সন্তানক তিল তিলকৈ মৃত্যুৰ ফালে গতি কৰা চাই থাকিব লগা হৈছে৷ সমাজৰ বান্ধোনৰ বাবে তেওঁলোকে এই বিষয়ে কাৰোৰে আগত ক’ব নোৱৰাকৈ মনৰ দুখ মনতে ৰাখিব লগা হৈছে৷ ড্ৰাগ্‌ছ আসক্ত এই যুৱকসকলে ড্ৰাগ্‌ছ সেৱনৰ বাবে পিতৃ-মাতৃৰ সকলো জমা ধন শেষ কৰি পাছত বিপথে পৰিচালিত হ’ব লগা হয়৷ এই ড্ৰাগ্‌ছ আসক্তসকলে যাতে পুনৰ জীৱন ঘূৰাই পায়, তাৰ বাবে কঠোৰ ব্যৱস্থা লোৱা হৈছে৷ অসম আৰক্ষীয়ে যোৱা ১০ মে’ৰ পৰা  চলোৱা অভিযানত ৮৭৪টা গোচৰ ৰুজু হোৱাৰ লগতে ১৪৯৩জন ড্ৰাগ্‌ছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে৷  এইদৰে কয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ ড॰ হিমন্ত বিশ্ব শৰ্মাই আৰু কয় যে অসমত বছৰি পাঁচ হাজাৰ কোটি টকাৰ ড্ৰাগছৰ ব্যৱসায় চলি আহিছে৷ এই বৃহৎ পৰিমাণৰ টকাৰ ড্ৰাগ্‌ছ সেৱন কৰি আমাৰ উঠি অহা প্ৰজন্ম এজন এজনকৈ ধবংসৰ দিশলৈ গতি কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে অসম আৰক্ষীয়ে আইনৰ গণ্ডীৰ ভিতৰত থাকি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় দেশৰ পৰা ড্ৰাগ্‌ছৰ ব্যৱসায় নোহোৱা হ’ব লাগে, সেইটো আমি মনে-প্ৰাণে বিচাৰোঁ৷  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এখন ঘৰত এজন ড্ৰাগ্‌ছ আসক্ত থাকিলে গোটেই পৰিয়ালটো ধবংস হৈ যায়৷ ড্ৰাগ্‌ছ আসক্তই ড্ৰাগ্‌ছ কিনিবলৈ টকাৰ যোগাৰৰ বাবে পাছত সমাজত সৰু সৰু অপৰাধত লিপ্ত হয়৷  মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে অসমত বছৰত ৫০০০ৰ পৰা ৬০০০ কোটি টকাৰ ড্ৰাগ্‌ছৰ বেপাৰ চলে৷ যোৱা দুমাহত ড্ৰাগ্‌ছৰ বিৰুদ্ধে চলোৱা অভিযানত ১৬৩ কোটি টকাৰ ড্ৰাগ্‌ছ জব্দ কৰাৰ লগতে ৮৭৪টা গোচৰ আৰু ১৪৯৩জনক গ্ৰেপ্তাৰ কৰা হৈছে৷ ড্ৰাগ্‌ছৰ বিৰুদ্ধে চলোৱা যুঁজ হৈছে এখন ড্ৰাগ্‌ছমুক্ত অসম, এখন ড্ৰাগ্‌ছমুক্ত সমাজৰ বাবে চলোৱা যুঁজ৷ মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক ড্ৰাগ্‌ছৰ বিৰুদ্ধে এন ডি পি এছ আইন বলৱৎ কৰিবলৈ নিৰ্দেশ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here