ক্ৰনিক কিডনী ফেইলাৰ

0
306

৯ মাৰ্চ- বিশ্ব কিডনী দিৱস উপলক্ষে

ডাঃ নিতুল বৈশ্য
ফোনঃ ৭৮৯৬২৪৬০০১

আজিৰ দিনত আমেৰিকাত অংগ বিকল (Organ Failure) হোৱা ৰোগীৰ সংখ্যা ১,০৭,০০০ । ইয়াৰ ভিতৰত অকল কিডনী বা বৃক্ক বিকল ৰোগীৰ সংখ্যাই ৯০,০০০ । ভাৰতত আজিৰ দিনত প্ৰায় ২ লাখ ৰোগীৰ দুয়োটা কিডনী বিকল। ১৯৯০ চনত বৃক্ক বিকল হৈ মৃত্য হোৱা ৰোগীৰ সংখ্যাই ২৭নং স্থান দখল কৰিছিল। ২০১০ত ই গৈ ১৮নং স্থান দখল কৰিলে। এখোপ আগলৈ গৈ ২০২০ চনত বিভিন্ন ৰোগ হৈ মৃত্যুবৰণ কৰা ৰোগীসমূহৰ প্ৰথম দহটা কাৰণৰ অন্যতম কাৰণ হিচাপে পৰিগণিত হৈছে ক্ৰনিক কিডনী ফেইলাৰ। সাম্প্ৰতিক তথ্যানুসৰি ভাৰতবৰ্ষৰ প্ৰতি ১০০ জন ৰোগীৰ ১৭জনেই এই ৰোগত আক্ৰান্ত।

কিডনী দুটা আচলতে কি?
কঁকালৰ ওপৰ অংশত নাভিটোৰ প্ৰায় চিধাচিধি ৰাজহাড়ডালৰ দুয়োকাষে দুটা কিডনী অৱস্থিত। দেখাত উৰহী গুটিটোৰ দৰে তন্তুকোষৰে গঠিত খোলাৰ ভিতৰত কিডনী আৱদ্ধ হৈ থাকে। সোঁফালৰ কিডনীটো বাওঁফালৰ কিডনীটোতকৈ অলপ তলত থাকে। এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ প্ৰতিটো কিডনীৰ ওজন প্ৰায় ১৩০-১৫০ গ্ৰাম হয়। ই দীঘলে প্ৰায় ১০-১৩ চেঃমিঃ আৰু বহলে ৩-৪ চেঃমিঃ মান হয়। তেজ শোধন কৰাৰ বাবে কিডনীৰ ভিতৰত প্ৰায় ১ মিলিয়ন নেফ্ৰন থাকে। অতি সূক্ষ্ম কেশিকাৰে গঠিত জালিকাসদৃশ এই নেফ্ৰন চাহ চহা চেকনিৰ দৰে ফিল্টাৰৰ কাম কৰে।

কিডনী দুটাই কি কাম কৰে?

কিডনী দুটাৰ প্ৰধান কাম হ’ল শৰীৰত জমা হোৱা জল-দ্ৰবিত (water soluble) অলাগতিয়াল দ্ৰব্যসমূহ শৰীৰৰ পৰা প্ৰস্ৰাৱ হিচাপে উলিয়াই দিয়া। মূত্ৰ উৎপন্ন কৰাৰ উপৰি কিডনী বা বৃক্ক দুটাই কেলচিয়াম আৰু ভিটামিন ডিৰ উৎপাদন, ৰেনিন (renin) নামৰ এবিধ ৰসায়নৰ নিঃসৰণ কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, এৰিথ্ৰ’প’য়েটিন (erythropoetin) নামৰ এবিধ হৰম’নৰ নিঃসৰণ কৰি অস্থিমজ্জাৰ পৰা ৰক্তকণিকা উৎপাদনত সহায় আদি কামবোৰো কৰে। ইয়াৰোপৰি কিডনীয়ে আমাৰ তেজৰ Ph নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে।

কিডনী ফেইলাৰৰ কাৰণসমূহ কি কি?

সেউজ বিপ্লৱোত্তৰ কালছোৱাত কৃষিকৰ্মত উৎপাদন বৃদ্ধিৰ অৰ্থে অত্যধিক পৰিমাণে কীটনাশক দৰব আৰু ৰাসায়নিক সাৰৰ ব্যৱহাৰ কৰা হৈছে। সাম্প্ৰতিক সময়ত আধুনিক জীৱনশৈলীজনিত ৰোগ বা Life Style Disorder যেনে – ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদিৰ প্ৰাদুৰ্ভাৱ ভয়াবহ হাৰত বৃদ্ধি পাইছে। এই সকলোবোৰে বৃক্ক বিকল হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি কৰাইছে। লগতে আমিষ আহাৰ, কিডনীৰ পাত্থৰ, ইউৰেটাৰৰ পাত্থৰ, মূত্ৰথলীত থকা পাত্থৰ, প্ৰ’ষ্টেট গ্ৰন্থিৰ আকাৰ বাঢ়ি প্ৰস্ৰাৱৰ সোঁ‌ত কমি যোৱা বা প্ৰস্ৰাৱ বন্ধ হৈ যোৱা আদি কাৰণতো কিডনীৰ কাম কৰা ক্ষমতা কমি যাব পাৰে আৰু কিডনী দুৰ্বল হ’ব পাৰে।

কিডনী বিকল হোৱা ৰোগীৰ কি হয়?

কিডনী বিকল হোৱা ৰোগীৰ তেজ কমি যায়, কেলচিয়ামৰ অভাৱ হয়, মূত্ৰ নিৰ্মাণত বাধাৰ বাবে শৰীৰত অতিৰিক্ত পানী জমা হয়, বিষাক্ত ক্ৰিয়েটিনিন আৰু ইউৰিয়া পৰিশোধন কৰিব নোৱাৰাৰ ফলত ইয়াৰ বিষাক্ত প্ৰভাৱ যেনে- বমি হোৱা, ছাল শুষ্ক হোৱা, মস্তিষ্কৰ বিকৃতি আদিৰ লগতে শৰীৰত অত্যধিক পটাচিয়াম জমা হৈ হৃদয় বিকল কৰা, অত্যধিক ছ’ডিয়াম জমা হৈ শৰীৰ ফুলা আদি অসুবিধাৰ সৃষ্টি হয়।

কিডনী ফেইলাৰৰ পৰ্যায়সমূহ কি কি?

বৃক্কৰ শোধন প্ৰক্ৰিয়াক Glomerular Filtarltion Rate অৰ্থাৎ চমুকৈ GFR বুলি বোৱা হয়। GFR কমি যোৱা মানেই কিডনী বিকল হোৱা বুজায়। ইয়াৰ বিভিন্ন পৰ্য্যায় আছে। সেয়া এনেধৰণৰ –
(১) প্ৰথম পৰ্যায় (First stage)- সুস্থ কিডনী, GFR ৯০ শতাংশ বা ততোধিক থাকে।
(২) দ্বিতীয় পৰ্য্যায়-(2nd stage)- GFR ৬০ ৰ পৰা ৮৯ শতাংশৰ ভিতৰত থাকে।
(৩) তৃতীয় পৰ্য্যায় (3rd stage)- GFR ৩০ৰ পৰা ৫৯ শতাংশৰ ভিতৰত থাকে।
(৪) চতুৰ্থ পৰ্য্যায় (4th stage)- GFR ১৫ ৰ পৰা ২৯ শতাংশৰ ভিতৰত থাকে।
(৫) পঞ্চম পৰ্যায় (5th stage)- GFR ১৫ শতাংশ বা তাতকৈ কমি গ’লে কিডনী বিকল হোৱা বুজায়। এনেবোৰ ৰোগীয়ে ডায়েলাইছিছ কৰিব লগা হয়। এনে অৱস্থা বহু দিনলৈ থাকিলে, বৃক্ক সলনি কৰিব লগাও হয়।
তেজত থকা ক্ৰিয়েটিনিন পৰীক্ষা কৰি বৃক্কৰ কিমান শতাংশ নষ্ট হৈছে তাৰ অনুমান কৰিব পাৰি।সাধাৰণতে তেজত ক্ৰিয়টিনিন ০.৫ মি. গ্ৰা শতাংশৰ পৰা ১.২ মি.গ্ৰা .শতাংশৰ ভিতৰত থাকে। ক্ৰিয়েটিনিনৰ পৰিমাণ ১.৫ মিলিগ্ৰাম শতাংশ হ’লে ৭৫% কিডনী সক্ৰিয় হৈ থকা বুজায়। ক্ৰিয়েটিনিনৰ পৰিমাণ ২ মি.গ্ৰা.শতাংশ হ’লে ৫০% কিডনীয়ে সক্ৰিয় বুলি ক’ব পাৰি। ক্ৰিয়েটিনিনৰ পৰিমাণ ৩.৫ মি.গ্ৰা. হ’লে ২৫% কিডনি সক্ৰিয় বুজায়। ক্ৰিয়েটিনিনৰ পৰিমাণ ৫ মি.গ্ৰা. হ’লে ১০% কিডনী সক্ৰিয় আৰু
ক্ৰিয়েটিনিনৰ পৰিমাণ ৬ ৰ পৰা ৮ মিঃগ্ৰাঃ হ’লে ৫% কিডনীহে সক্ৰিয় বুলি বুজা যায়। অৱশ্যে এই পৰিসংখ্যা কেৱল আক্ষৰিকভাৱেহে শুদ্ধ, ই হুবহু নহয় আৰু ইয়াৰ ওপৰত গৱেষণা চলি আছে।

Prevention is better than cure. কিডনী দুটা ভালে ৰাখিবলৈ আপোনাৰ কৰণীয় কি কি ?
(১) জধে-মধে বিষনাশক (Painkiller) ঔষধ নাখাব।

(২) গেষ্ট্ৰিকৰ PPI জাতীয় ঔষধ যেনে- পেণ্ট’প্ৰাজল আৰু ৰেবিপ্ৰাজ’ল বেছিদিন খালেও বিভিন্ন কিডনী ৰোগ হ’ব পাৰে বুলি গৱেষণাত প্ৰকাশ পাইছে।

(৩) মাদক দ্ৰব্য বৰ্জন কৰিব। ইউৰিয়া মিহলোৱা ভেজাল মাদকদ্ৰব্য সেৱনৰ কাৰণেও কিডনীৰ বিভিন্ন ৰোগ হ’ব পাৰে।

(৪) ফৰ্মেলডিহাইড দি সং‌ৰক্ষণ কৰা চালানী মাছ খোৱাৰ পৰা বিৰত থাকক।

(৫) আজিকালি খেতিত মাটি পৰীক্ষা নকৰাকৈ জধে-মধে অত্যধিক পৰিমাণে প্ৰয়োগ কৰা ৰাসায়নিক সাৰ আৰু কীটনাশক দৰব আদিৰ অৱশিষ্ট অংশ খাদ্যৰ জৰিয়তে শৰীৰলৈ গৈ কিডনীৰ বিস্তৰ ক্ষতি সাধন কৰে।

(৬) ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে কিডনী ৰোগত ভোগাৰ সম্ভাৱনা আটাইতকৈ বেছি। এনে ৰোগীয়ে এই দুটা ৰোগক সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰখা উচিত।

(৭) বিলাহী, ফুলকবি, উৰহী, বেঙেনা, ৰঙালাও চীনা বাদাম, ক’লা আঙুৰ , পালেং আদি যিবোৰ শাক-পাচলিত যথেষ্ট পৰিমাণে কেলচিয়াম আৰু পিউৰিন থাকে; সেইবোৰে কিডনীত পাথৰ উৎপন্ন কৰাকে ধৰি কিডনীৰ বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে।

(৮) অসমীয়াত কৈছে – “পানীয়েই প্ৰাণীৰ প্ৰাণ, পানী বিনে নাই আন, ফলমূলে কৰে শক্তি দান।” ইংৰাজীত কৈছে- “Keep the Kidneys wet and lung dry.” শৰীৰটো ভালদৰে শোধন হ’বৰ বাবে প্ৰতিদিনে প্ৰায় ৪-৫ লিটাৰ পানীৰ প্ৰয়োজন।

(৯) তেঁতেলিত থকা টাৰ্টাৰিক এচিডে তেজত থকা বিষাক্ত পদাৰ্থ প্ৰস্ৰাৱৰ লগত বাহিৰ কৰাত সহায় কৰি কিডনীক সুৰক্ষিত কৰি ৰাখে ‌

(১০) কলত যথেষ্ট পৰিমাণে ভিটামিন বি-কমপ্লেক্স থাকে। ই তেজত থকা অতিৰিক্ত কেলচিয়াম, মেগনেচিয়াম, ফচফেট আৰু অক্সালেট আদি প্ৰস্ৰাৱৰ সৈতে বাহিৰ কৰি দি কিডনী সুৰক্ষিত কৰি ৰাখে। ।

(১১) নেমুটেঙাত থকা চাইট্ৰিক এচিডে কিডনীত জমা হোৱা কেলচিয়াম অক্সালেট, ফছফেট আদি গেদবোৰ গলাই দি প্ৰস্ৰাৱৰ সৈতে বাহিৰ কৰি কিডনী দুটা পৰিস্কাৰ কৰি ৰাখে।

(১২) পুনৰ্ণৱা শাকৰ আঞ্জা খালে যিকোনো ধৰণৰ কিডনী ৰোগ হ’ব নোৱাৰে।

(১৩) দুপৰটেঙা পাতৰ ৰস ১০ মিঃলিঃ একাপ ঠাণ্ডা পানীৰ লগত মিহলাই পুৱা খালী পেটত খালে সকলো প্ৰকাৰৰ কিডনী ষ্টোন প্ৰস্ৰাৱৰ লগত বাহিৰ হৈ যায়।

(১৪) বৰুণ গছৰ বাকলি ১ঃ৫ অনুপাতত লৈ পানীত উতলাই পানীৰ পৰিমাণ এক পঞ্চমাংশলৈ হ্ৰাস কৰি পিছত সেইখিনি ভালদৰে চেকি পানীখিনি ৰাখি লৈ সেয়া চাৰি চামুচকৈ দিনে তিনিবাৰ খালে কিডনী ষ্টোন বাহিৰ হোৱাৰ উপৰিও সকলো প্ৰকাৰৰ কিডনী ৰোগ ভাল হয় ।

(১৫) সদায় সক্ৰিয় হৈ থাকক। মধুমেহ আৰু উচ্চ ৰক্তচাপ ৰোগৰ প্ৰতিৰোধী ব্যৱস্থা লওঁক।

(১৬) চেনি আৰু নিমখ – এই দুটা হ’ল কিডনীৰ বাবে বৰবিহ। মিঠা খোৱাটো আচলতে এটা এৰাব নোৱাৰা আসক্তি। চেনি খোৱাটো পৰিহাৰ কৰক, ব্যঞ্জনত নিমখৰ পৰিমাণ কমাই দিয়ক, কেঁ‌চা নিমখ ভুলতো নাখাব।

(১৭) যোগাসন আৰু নিয়মীয়াকৈ লঘু শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তোলক।

(১৮) বছৰেকত অন্ততঃ এবাৰ তেজত ক্ৰিয়েটিনিনৰ মাত্ৰা পৰীক্ষা কৰক।

ভয় নাখাব, কিডনী ৰোগ বুলি ধৰা পৰিলে, ততালিকে চিকিৎসকৰ পৰামৰ্শ লওক। ক্ৰ’নিক কিডনী ৰোগৰ নিৰ্দ্দিষ্ট ডায়েট লিষ্ট আছে, সেয়া অনুসৰণ কৰক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here