প্ৰস্ৰাৱৰ এইধৰণৰ সমস্যাবোৰে বুজাই দিয়েকিডনীজনিত বিকাৰৰ কথা

0
258


(আজি বিশ্ব বৃক্ক দিৱস উপলক্ষে)

শৰীৰক সুস্থ ৰখাত কিডনীৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ সেয়ে কিডনীৰ সুস্থতা অতি জৰুৰী৷ কিডনীৰ সমস্যা হ’লে প্ৰথমে ধৰা নপৰে৷ প্ৰায় ৮০-৯০ শতাংশ কিডনী ক্ষতিগ্ৰস্ত হ’লেও একো অসুবিধা নেদেখুৱায় বাবে ইয়ে পাছলৈ ভয়াৱহভাৱে গতি কৰে৷ যাৰ ফলত কিডনীজনিত সমস্যাবোৰ ধৰা পৰাৰ পাছত ভয়মকৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়৷ সেয়ে সময় থাকোঁতেই কিডনীৰ বিকাৰৰ লক্ষণ তথা ইয়াৰ পৰা হোৱা অসুবিধাবোৰ চিনাক্ত কৰি বিহিত ব্যৱস্থা লোৱা খুবেই জৰুৰী৷ জানো আহক কিডনীজনিত লক্ষণ তথা পেচাবৰ কিধৰণৰ সমস্যাসমূহ হ’লে জানিব কিডনীৰ বিকাৰৰ কথা৷
কিডনীৰ সমস্যাৰ অন্যতম লক্ষণ হ’ল ক্লান্তি ভাব৷ কিডনী তেজক পৰিশ্ৰুত কৰে৷ কিডনীৰ ৰোগ তথা অসুবিধা হ’লে এই প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হয়৷ তেজ পৰিশ্ৰুতত বাধাৰ সৃষ্টি হৈ তেজত থকা বিষাক্ত আৰু অপ্ৰয়োজনীয় উপাদান বাঢ়িবলৈ ধৰে৷ কিডনীৰ সমস্যা হ’লে কামৰ কৰা উদ্যম নোহোৱা হয়, অনৱৰতে ভাগৰ, ক্লান্তি লাগি থাকে৷
কিডনীৰ সমস্যাই দেখা দিলে শৰীৰত ছডিামৰ ভাৰসাম্য বজাই নাথাকে৷ যাৰ বাবে ভৰি ফুলিবলৈ আৰম্ভ কৰে৷ খনিজ লৱণৰ ভাৰসাম্যৰ অভাৱত শৰীৰৰ পেশীবোৰ টানি ধৰে৷ কেলচিয়াম বা ফচফৰাছৰ অভাৱৰ বাবেও এনে হ’ব পাৰে৷ কিডনীৰ সমস্যা থাকিলে শৰীৰত কেলচিয়াম আৰু ফচফৰাছৰ অভাৱ হোৱা দেখা যায়৷
শৰীৰৰ পৰা বিষাক্ত উপাদান কিডনীয়ে ছালৰ সহায়ত বাহিৰ কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰে৷ ইয়াৰ লগতে শৰীৰৰ বাবে প্ৰয়োজনীয় লৱণ, খনিজ পদাৰ্থৰ ভাৰসাম্যতা ৰক্ষা কৰে৷ ইয়াৰ ফলত ছাল প্ৰাণোচ্ছল, উজ্জ্বল হৈ থাকে৷ হাড়ৰ সুৰক্ষাৰ বাবে কিডনীয়ে কাৰ্যকৰী ভূমিকা পালন কৰে৷ সেয়ে ছাল যথেষ্ট শুষ্ক, ৰুক্ষ হ’লে কিডনীৰ বিকাৰৰ কাৰণ হ’ব পাৰে৷ ছালৰ এনেবোৰ সমস্যা হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷
অনিদ্ৰা বা টোপনিৰ অভাৱ হ’লেও কিডনীৰ সমস্যাৰ লক্ষণ হ’ব পাৰে৷ কাৰণ কিডনীয়ে সঠিকভাৱে কাম নকৰিলেহে মূ্‌ত্ৰৰ মাধ্যমেৰে বিষাক্ত পদাৰ্থ বাহিৰ হোৱাত বাধা জন্মে৷ ফলত অনিদ্ৰাই দেখা দিব পাৰে৷ চিকিৎসকৰ মতে কিডনীৰ সমস্যা থাকিলে সোনকালে টোপনি নাহে৷
ঘনাই পেচাব কৰাটো বহুতেই ডায়েবেটিছৰ লক্ষণ বুলি ভাবে যদিও কিডনীৰ বিকাৰৰ বাবেও এনে সমস্যা হ’ব পাৰে৷ সেয়েহে স্বাভাৱিকৰ তুলনাত বেছিবাৰ প্ৰস্ৰাৱ কৰিলে সাৱধান হোৱা ভাল৷ আনহাতে পেচাবত বেছি ফেন ওলোৱাটোও কিডনীজনিত ৰোগৰ উপসৰ্গ হিচাপে ধৰা হয়৷ কিডনীজনিত সমস্যাই দেখা দিলে প্ৰস্ৰাৱৰ ৰং গাঢ় হালধীয়া হয়৷ কেতিয়াবা প্ৰস্ৰাৱৰ লগত তেজ যোৱাও দেখা যায়৷
সেয়ে এনেবোৰ লক্ষণ দেখিলে সাৱধান হোৱা দৰকাৰ৷ এইধৰণৰ প্ৰাথমিক লক্ষণবোৰ দেখা মাত্ৰকে এজন বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here