অসমত গোধনৰ জটিল সংক্ৰামকৰোগ লাম্পীৰ প্ৰাদুৰ্ভাৱ

0
221


গোধনৰ জটিল সংক্ৰামক ৰোগ হৈছে লাম্পী৷ এই জটিল ৰোগবিধত আক্ৰান্ত হৈছে মধ্য অসমৰ বৃহত্তম অঞ্চলৰ বহু গোধন৷ গোধনৰ এনে জটিল ৰোগৰ প্ৰাদুৰ্ভাৱে চিন্তাত পেলাইছে দুগ্ধ উৎপাদনেৰে জীৱিকা নিৰ্বাহ কৰা গো পালকসকলক৷ এই লাম্পী ৰোগ আক্ৰান্ত হ’লে গৰুৰ গাত বিভিন্ন ধৰণৰ সৰু-বৰ টেমুনাই দেখা দিয়ে, ভীষণ জ্বৰ হয়, লাহে লাহে খাদ্য-পানী আদি খাবলৈ এৰি দিয়ে৷ বহু সময়ত গাত দেখা দিয়া এই টেমুনাবোৰ ফাটি ঘাৰ সৃষ্টি কৰে, ভৰিৰ খুৰাবোৰতো ঘা লাগি লৰচৰ কৰিব নোৱৰা অৱস্থাৰ সৃষ্টি হয়৷ এই ৰোগত আক্ৰান্ত হোৱা গৰুই লগে লগে চিকিৎসা নাপালে মৃত্যুৰ ফালে গতি কৰে৷ প্ৰধানকৈ গৰমৰ প্ৰভাৱ পৰিছে এই ৰোগবিধৰ প্ৰাদুৰ্ভাৱ বেছি হয়৷ উল্লেখ যে বিগত বৰ্ষৰ জুলাই মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ ভাৰতবৰ্ষত সৰ্বমুঠ ২০ লাখ গোধনৰ এই ৰোগত আক্ৰান্ত হৈছিল৷ এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰা এই ৰোগত আক্ৰান্ত হৈ প্ৰায় ৯৭ হাজাৰ গাইগৰুৰ মৃত্যু হৈছিল৷ প্ৰথমে গুজৰাট, ৰাজস্থানত দেখা দিয়া এই ৰোগবিধে পাছলৈ আন ১৫ খন ৰাজ্যলৈ বিয়পি পাৰিছিল৷ শেহতীয়াভাৱে মধ্য অসমত প্ৰাদুৰ্ভাৱ ঘটা এই লাম্পী ৰোগৰ বিষয়ে সামাজিক মাধ্যমত এই তথ্য প্ৰকাশ কৰিছে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মাই৷ জাগীৰোডৰ সীতাজখলাৰ গোপালকৰ গোহালিত এই ৰোগবিধে দেখা দিয়াত এতিয়া ভীষণ সমস্যাৰ সন্মুখীন হৈছে গোপালকসকল৷ সেয়েহে এই ক্ষেত্ৰত তৎকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ পশুপালন বিভাগক অনুৰোধ জনাইছে দুগ্ধ পালকসকলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here