ক্ষুধাৰ বিৰুদ্ধে যুঁজিবলৈ আদৰ্শ আঁচনিৰ প্ৰয়োজন : উচ্চতম ন্যায়ালয়

0
1079

দেশত অনাহাৰত মৃত্যু হোৱা লোকৰ শেহতীয়া তথ্য আৰু ক্ষুধাৰ সৈতে যুঁজিবলৈ এক ৰাষ্ট্ৰীয় আদৰ্শ আঁচনি ৰচনা কৰিবলৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়ে৷  এক শুনানিৰ সময়ত ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ নেতৃত্বৰ পীঠে কয় যে আপোনালোকে দেশত এজনো লোকৰ অনাহাৰত মৃত্যু হোৱা নাই বুলি বুজাবলৈ বিচাৰিছে নেকি? আমি এই কথাত নিৰ্ভৰ কৰিব পাৰোঁনে? ন্যায়ালয়ে এটৰ্নী জেনেৰেল কে কে বেণু গোপালক কয় যে ৰাজ্য চৰকাৰে অনাহাৰত মৃত্যু হোৱা লোকৰ সংখ্যা জনোৱা নাই বাবেই দেশত অনাহাৰত কাৰো মৃত্যু হোৱা নাই বুলি বুজিব লাগিব নেকি? ভাৰত চৰকাৰে আমাক অনাহাৰত মৃত্যু হোৱা লোকৰ সংখ্যাৰ শেহতীয়া তথ্য দিয়া উচিত৷ আপোনালোকৰ বিষয়াক আমাক শেহতীয়া তথ্য দিবলৈ  কওক৷ ন্যায়ালয়ে কয় যে এয়া হৈছে নিৰ্বাচনৰ বতৰ৷ যদি আপোনলোকে নীতি ৰচনা কৰে আৰু অতিৰিক্ত শস্য দিয়ে, তেন্তে ৰাজ্যই ৰন্ধা খাদ্য নীতি বলৱৎ কৰিব৷ ন্যায়ালয়ে কেন্দ্ৰক ৰাজ্য আৰু জড়িত আনসকলৰ সৈতে আলোচনা কৰি সামূহিক পাকঘৰৰ বাবে এক ৰাষ্ট্ৰীয় আদৰ্শ আঁচনি ৰচনা কৰিবলৈ নিৰ্দেশ দিয়ে, য’ত অতিৰিক্ত ৰচদপাতি, সম্পদ আৰু খাদ্য-শস্যৰ সম্প্ৰসাৰণ অন্তৰ্ভুক্ত হ’ব৷ মুখ্য ন্যায়াধীশে আৰু কয় যে আমি কোৱা নাই যে আপোনালোকে

( কেন্দ্ৰীয় চৰকাৰ) ক্ষুধা বা অনাহাৰৰ সমস্যাৰ সমাধানৰ বাবে একো কৰা নাই৷ কিন্তু এক ৰাষ্ট্ৰীয়ভাৱে এক আদৰ্শ আঁচনিৰ কথা বিবেচনা কৰক, আঁচনিৰ খচৰা প্ৰস্তুত কৰক, চূড়ান্ত কৰক আৰু ৰাজ্যসমূহলৈ এৰি দিয়ক৷ ন্যায়ালয়ে কয় যে তেতিয়ালৈকে অপৰিপুষ্টি, ক্ষুধা আৰু আন সমস্যাৰ সন্দৰ্ভত ৰাজ্যসমূহে অতিৰিক্ত শপতনামা দাখিল কৰিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here