তিনিটা বিশেষ ৰোগ একেলগে ধৰা পৰিল এটি শিশুৰ দেহত

0
359

গুৱাহাটীস্থিত হেল্‌থ চিটি হস্পিটেলৰ বিশিষ্ট শিশুৰোগ বিশেষজ্ঞ ডাঃ য়াছিন আলীয়ে এমাহ ২০ দিন বয়সীয়া এটি শিশুৰ দেহত বিশ্বৰ ভিতৰতে প্ৰথমবাৰৰ বাবে একেলগে তিনিটা বিশেষ ৰোগৰ উপস্থিতি ধৰা পেলাবলৈ সক্ষম হৈছে৷ ডাঃ আলীয়ে বিগত এবছৰ ধৰি চলোৱা নিৰলস অধ্যয়ন-গৱেষণাৰ পাছত নিশ্চিত হৈছে যে তিনিটা বিশেষ ৰোগ একেলগে ধৰা পৰা এই শিশুটিয়েই হ’ল বিশ্বৰ প্ৰথমগৰাকী শিশু৷ এই তথ্য সদৰী কৰে ডাঃ য়াছিন আলীয়ে৷ বিশিষ্ট শিশুৰোগ বিশেষজ্ঞজনে প্ৰকাশ কৰা অনুসৰি এমাহ ২০ দিন বয়সীয়া এই শিশুটিক ২০২০ বৰ্ষৰ ২৩ ডিচেম্বৰত হেল্‌থ চিটি হস্পিটেলত ভৰ্তি কৰোৱা হয়৷ জন্মৰ ২৫ দিন পাছৰে পৰা কাহত ভুগি থকা শিশুটিক স্থানীয় চিকিৎসকে সু-চিকিৎসা আগবঢ়ায় যদিও আৰোগ্য লাভ কৰা নাছিল৷ হেল্‌থ চিটিত ভৰ্তিৰ ৫ দিন পূৰ্বৰে পৰা শিশুটি উশাহ-নিশাহৰ কষ্টতো ভুগিছিল আৰু মাতৃৰ দুগ্ধ পান কৰিব নোৱৰা হৈছিল৷ নিউমোনিয়াত আক্ৰান্ত শিশুটিৰ চিকিৎসাৰ উদ্দেশ্যে তেজ পৰীক্ষাৰ লগতে এইচ আৰ চি টি, এঞ্জিঅ’গ্ৰাফী, ইক কাৰ্ডিঅ’গ্ৰাফী আৰু ভাৰ্চুৱেল ব্ৰংকোস্ক’পি কৰা হয়৷ অৱশেষত শিশুটিয়ে চিকিৎসাত সঁহাৰি দিয়ে আৰু তেওঁ নিউমোনিয়াৰ পৰা আৰোগ্য লাভ কৰে৷ ডাঃ য়াচিন আলীয়ে কয় যে শিশুটি জন্মৰ সময়ত যিহেতু সুস্থ-সবল আছিল সেয়ে তেওঁৰ নিউমোনিয়া নিৰাময় হওঁতে ইমান দীঘলীয়া সময়ৰ কিয় প্ৰয়োজন হ’ল৷ তেওঁ অধ্যয়ন কৰিও কোনো সন্তোষজনক উত্তৰ নাপাই জেনেটিক পৰীক্ষাৰ সিদ্ধান্ত  লয়৷ সেই অনুসৰি ডিচেম্বৰত নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে বেংগালুৰুলৈ প্ৰেৰণ কৰে৷ এমাহ পাছত জেনেটিক পৰীক্ষাৰ ৰিপ’ৰ্ট আহে আৰু আশ্চৰ্যজনকভাৱে শিশুটিৰ দেহত দুটা বিৰল জেনেটিক ৰোগ ক্ৰমে প্ৰাইমেৰী চিলিয়াৰী ডিছকিনেছিয়া আৰু নুনান্‌ছ ছিড্ৰম                                                                                                  ধৰা পৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here