কোন হাস্পতালে পালে ৰাষ্ট্ৰীয় এক্ৰেডিটেশ্যন ব’ৰ্ডৰ স্বীকৃতি

0
214

গুৱাহাটীস্থিত আৰ্য হাস্পতালে নেশ্যনেল  এক্ৰেডিটেশ্যন ব’ৰ্ড অব হাস্পতালছ এণ্ড হেলথ কেয়াৰ প্ৰভাইডাৰ্ছ চমুকৈ এন এ বি এইচৰ মান্যতা প্ৰদান কাৰ্যসূচীৰ অধীনত এই দিশত স্বীকৃতি লাভ কৰিছে৷ উল্লেখ্য যে ৰাজ্যৰ প্ৰায় ১৮০০ ব্যক্তিগত খণ্ডৰ হাস্পতালৰ ভিতৰত আৰ্য হাস্পতালে এন এ বি এইচৰ মান্যতা লাভ কৰা পঞ্চমখন হাস্পতালৰূপে স্বীকৃত হয়৷ 
আনহাতে নিখুঁত পৰিগাঁথনি, পৰ্যাপ্ত চিকিৎসা, চিকিৎসাকৰ্মী, আন্তঃৰাষ্ট্ৰীয় মানৰ চিকিৎসা আৰু ৰোগ নিৰ্ণায়ক ব্যৱস্থাৰ বাবে গুৱাহাটীস্থিত হেল্‌থ চিটি হাস্পতালেও এন এ বি এইচৰ স্বীকৃতি লাভ কৰিছে৷ চিকিৎসালয়খনৰ ফেচিলিটি ডাইৰেক্টৰ পৰাণজ্যোতি দত্তই এই কথা সদৰী কৰিছে৷ ফেচিলিটি ডাইৰেক্টৰজনে প্ৰকাশ কৰা অনুসৰি ব্যক্তিগত খণ্ডৰ হাস্পতালখনে পাৰদৰ্শিতা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসা ব্যৱস্থাৰ বাবে এই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়৷ 
এই স্বীকৃতি লাভে উৎফুল্লিত  কৰিছে চিকিৎসালয় দুখনৰ কৰ্তৃপক্ষক৷ উল্লেখৰ প্ৰয়োজন যে এন এ বি এইচ হৈছে দেশৰ বিভিন্ন স্বাস্থ্য সেৱা প্ৰতিষ্ঠানসমূহক স্বীকৃতি প্ৰদানৰ বাবে স্থাপিত এখন পৰিষদ৷ এই পৰিষদখন ইণ্টাৰনেশ্যনেল ছ’চাইটি ফৰ কোৱালিটি ইন হেল্‌থ কেয়াৰ আৰু এছিয়ান ছ’চাইটি ফৰ কোৱালিটি ইন হেলথ কেয়াৰ সংস্থাৰ আনুষ্ঠানিক সদস্য৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here