মুখত পৰা বয়সৰ চাপ কিদৰে নোহোৱা কৰিব ?

0
299

প্ৰকৃতিৰ নিয়ম অমান্য কৰাটো খুব কঠিন৷ কিন্তু মানুহে নিদৰ বুদ্ধি আৰু প্ৰকৃতিয়ে দিয়া কিছুমান বস্তুৰ সহায়ত নিজৰ বাবে উপকাৰী বস্তু প্ৰস্তুত কৰাত সক্ষম৷ বৰ্তমান যুগত পুৰুষ বা নাৰী প্ৰত্যেকেই তৰুণ হৈ থকাটো বিচাৰে৷ এটা সময়ত বাৰ্ধক্যৰ চাপ অহাটো স্বাভাৱিক প্ৰক্ৰিয়া আৰু তাৰ অস্বীকাৰ কৰাৰ কাৰো দ্বিমত নাই৷ কিন্তু কিছুমানৰ বয়সৰ আগেয়ে নিজৰ ভুল জীৱন-যাপন, খাদ্যাভ্যাসৰ শৈলী আদিৰ বাবে বাৰ্ধক্যৰ লক্ষণ অকালতে আহে৷ মুখত বলিৰেখা পৰে৷ আপোনাৰ যদি অকালতে মুখত বলিৰেখা পৰে তথা বাৰ্ধক্যৰ লক্ষণ দেখা পায়, তেতিয়া কল ইয়াৰ বাবে অতি উত্তম৷ ছালখনক  কোমল, উজ্জ্বল কৰি ৰাখিবলৈ বিভিন্ন ধৰণে কল ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ ফলত অকাল বাৰ্ধক্যৰ পৰা সকাহ পোৱা যায়৷ জানো আহক মুখত বাৰ্ধক্যৰ চিন পৰিলে কল কিদৰে ব্যৱহাৰ কৰিব৷
প্ৰথমে কেইটামান পকা কল ল’ব৷ কলকেইটা ফেনেকি লৈ তাত এচামুচ বেচন মিহলাই ল’ব৷ তাৰ পাছত আধা চামুচ নেমুৰ ৰস ভালদৰে মিহলাই লৈ এটা পেষ্ট প্ৰস্তুত কৰক৷ এই পেষ্টটো মুখখন ১৫ মিনিটমান ৰাখি ভালদৰে ধুই দিব৷ ইয়াক নিয়মিতভাৱে মুখত ব্যৱহাৰ কৰিলে মুখখনত পৰা বলিৰেখা, ফাইনলাইন কমি যায় আৰু মুখখন উজ্জ্বল হৈ পৰে৷
এটা পকা কল লৈ তাত এবোকাডো মিহলাই ল’ব৷ তাৰ পাছত তাত এচামুচ মৌ মিহলাই লওক৷ মুখত এই পেষ্টটো ভালদৰে সানি ২০ মিনিটমান ৰাখি পৰিষ্কাৰ পানীৰে মুখখন ধুই পেলাওক৷ এই পেকটোৱে ছালৰ ৰং উন্নত কৰে৷ মুখৰ বলিৰেখা আৰু সূক্ষ্মৰেখা দূৰ কৰে৷ নিয়মিতৰূপে এই পেকটো ব্যৱহাৰ কৰিলে ছাল সুন্দৰ, কোমল আৰু উজ্জ্বল হয়৷
পকা অমিতাৰ সৈতে এটা পকা কল ভালদৰে মিশ্ৰণ কৰক৷ এই ফেশ্বপেকটো গোটেই মুখ, গল আদিত ভালদৰে মাচাজ কৰি ২০ মিনিটমান ৰাখি তাৰ পাছত অলপ কুহুমীয়া পানীৰে মুখখন ধুই দিয়ক৷ এই ফেশ্বপেকটো ব্যৱহাৰ কৰিলে ছালৰ শুষ্কতা দূৰ হোৱাৰ লগতে মুখত পৰা বলিৰেখা নাইকিয়া হৈ মুখখন সতেজ, কোমল হৈ পৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here