সুখবৰ ! ভিয়েটনামলৈ ৰাজ্যৰ ক’লা চাউল, নগা জলকীয়া, চাহপাত…

0
1226

অসমৰ কৃষকসকলৰ বাবে আশাৰ বতৰা৷ ৰাজ্যখনৰ পৰা বিদেশলৈ বিমানযোগে কৃষিজাত সামগ্ৰীৰ ৰপ্তানি পুনৰ আৰম্ভ হৈছে৷ ক’ভিড-সৃষ্ট পৰিস্থিতি উন্নত হোৱাৰ পাছত শেহতীয়াকৈ ভাৰতৰ পৰা বিশ্বৰ বিভিন্ন দেশলৈ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আৰম্ভ হোৱাৰ লগে লগেই বিমানযোগে কৃষিজাত সামগ্ৰীৰ ৰপ্তানিও আৰম্ভ হৈছে৷ 
এই প্ৰক্ৰিয়াৰ অংশ হিচাপে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা ভিয়েটনামলৈ বিমানেৰে অসমৰ কৃষকৰ উৎপাদিত কেইবাবিধো থলুৱা সামগ্ৰী প্ৰেৰণ কৰা হয়৷ প্ৰায় ২.৫ লাখ টকাৰ অসমৰ ক’লা চাউল, প্ৰায় ৩ লাখ টকাৰ নগা জলকীয়া, চাহপাত, ইলাচিকে ধৰি কেইবাবিধো থলুৱা সামগ্ৰী লৈ এয়াৰ ইণ্ডিয়াৰ এখন কাৰ্গ বিমানেৰে কলকাতা হৈ ভিয়েটনাম অভিমুখে ৰাওনা হয়৷ 
বৰঝাৰ বিমানবন্দৰত পতাকা জোকাৰি এই যাত্ৰাৰ শুভাৰম্ভ কৰে ভিয়েটনামৰ ভাৰতস্থিত কনচুল জেনেৰেল ড॰ মদন শেঠী, এ পি ই ডি এৰ ক্ষেত্ৰীয়  প্ৰবন্ধক সুনীতা ৰায়, নেৰমেকৰ পৰিচালন সঞ্চালক মনোজ দাস, উত্তৰ-পূব হস্তশিল্প উন্নয়ন নিগমৰ মহাপ্ৰবন্ধক ব্ৰিগেডিয়াৰ [অৱসৰপ্ৰাপ্ত ] আৰ কে সিঙকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে৷ 
উল্লেখ্য যে ইয়াৰ পূৰ্বেও অসমৰ বিভিন্ন শাক-পাচলি বিমানেৰে বিদেশলৈ ৰপ্তানি কৰা হৈছিল৷ বিশেষকৈ কৰ’নাৰ সময়ত ৰাজ্যৰ পৰা ৰঙালাও, নেমুটেঙা আদি বিদেশলৈ প্ৰেৰণ কৰা হৈছিল৷ কিন্তু ইয়াৰ পাছত এই প্ৰক্ৰিয়া কিছু পৰিমাণে স্থবিৰ হৈছিল৷ এনে পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ পুনৰ ৰাজ্যখনত উৎপাদিত সামগ্ৰী বিদেশলৈ ৰপ্তানি আৰম্ভ হোৱা কাৰ্যই অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here