ভূগৰ্ভত তলত বিশেষ বস্তুৰ সন্ধান পালে বিজ্ঞানীয়ে

0
32


এই আৱিষ্কাৰে পৃথিৱী সম্বন্ধে থকা ধাৰণা সলনি কৰিব পাৰে৷ ভূগৰ্ভৰ তলত এক অনন্য বস্তুৰ খোজ মিলিছে বিজ্ঞানীৰ৷ যি পৃথিৱীৰ ওপৰত থকা যিবোৰ দেখা গৈছে, তাতকৈ বহুগুণে ডাঙৰ৷ ভূগোলৰ ইমানদিনে থকা সংজ্ঞা বা জ্ঞান বদলি হ’বলৈ আৰু হয়তো বেছিদিন নাই৷ কিয়নো বিজ্ঞানীয়ে ভূগৰ্ভৰ তলত যি বস্তুৰ সন্ধান পাইছে, মানুহৰ মূৰ আচন্দ্ৰাই দিয়াৰ কাৰণেই যথেষ্ট৷ পৃথিৱীৰ তলত বিজ্ঞানীয়ে সন্ধান পোৱা এই বস্তুটোক চমক বুলি ক’লেও কম কোৱা হ’ব৷ ইলিনয়ৰ নৰ্থ ৱেষ্টাৰ্ন ইউনিভাৰছিটিৰ বিজ্ঞানীয়ে দাবী কৰিছে যে পৃথিৱীৰ একেবাৰে গভীৰতাত ৭০০ কিলোমিটাৰ গভীৰত এক সমুদ্ৰ আছে৷ ইয়াক সমুদ্ৰ বুলি ক’লে হয়তো কম কোৱা হ’ব, সমুদ্ৰ নহৈ অতি বিশাল মহাসমুদ্ৰ৷ যি পৃথিৱীৰ উপৰিভাগত দেখা মহাসমুদ্ৰতকৈ তিনি গুণ ডাঙৰ৷ এই বিপুল জলৰাশিভাগ আছে পৃথিৱীৰ একেবাৰে তলত৷ পৃথিৱীৰ পানীৰ কথা জনাৰ বাবে চেষ্টা কৰোঁতে এই অনন্য বস্তুৰ সন্ধান লাভ কৰিলে বিজ্ঞানীয়ে৷ ইমানদিনে পৃথিৱীৰ গৰ্ভত ইমান এক বিশাল পৰিমাণৰ পানী সঞ্চিত হৈ থকাৰ কথাটো কোনেও জনা নাছিল৷ পৃথিৱীৰ মাটিৰ তলত ৭০০ কিলোমিটাৰ গভীৰতাত ৰিংউডাইট নামৰ এৰধৰণৰ নীলা পাথৰৰ ওপৰত এই বিশাল জলভাগ আছে৷ এই আৱিষ্কাৰৰ পাছত এতিয়া বিজ্ঞানীয়ে নিশ্চিন্ত হৈছে যে পৃথিৱীৰ এই বিশাল জলৰাশি যি সকলোৰে প্ৰত্যক্ষ হয়, সেই পানীভাগ আহিছে পৃথিৱীৰ গৰ্ভৰ পৰাই৷ যাৰ আমি সকলোৱেই সমুদ্ৰ, মহাসমুদ্ৰ হিচাপে দেখা পাওঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here