কোনখন হাস্পতালে মুকলি কৰিলে হোম কেয়াৰ সেৱা ?

0
348

মহানগৰীৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় নেমকেয়াৰ হাস্পতালে ‘উই কেয়াৰ হেল্‌থ কেয়াৰ ছাৰ্ভিচ’ৰ সৈতে সমাজৰ বৃহত্তৰ স্বাৰ্থৰ বাবে হোম কেয়াৰ ছাৰ্ভিচ মুকলি কৰাৰ কথা ঘোষণা কৰিছে৷ এই উপলক্ষে হাস্পতাল প্ৰাংগণত আয়োজিত অনুষ্ঠানত নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱা, স্বাস্থ্য সঞ্চালক ডাঃ মিহিৰ কুমাৰ বৰুৱা, সঞ্চালক ৰঞ্জন ডেকা, সঞ্চালক ছাজিদ আহমেদ আৰু ‘উই কেয়াৰ হেল্‌থ ছাৰ্ভিচ’ৰ সঞ্চালক পাৰ্থ প্ৰতিম বৰা উপস্থিত থাকে৷ এই হোম কেয়াৰ ছাৰ্ভিচত বয়োজ্যেষ্ঠসকলৰ যতন, বিশেষ কিছুমান যতন, ছুপাৰ স্পেচিছয়েলাইজড কেয়াৰ, হাস্পতাল এটেনডেণ্ট আদি সেৱা অন্তৰ্ভুক্ত থাকিব বুলি হাস্পতাল কতৃৰ্পক্ষই জানিবলৈ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here