মহানগৰীৰ নবীন নগৰত নিৰ্মাণ হ’ব হ্ৰদ ! : মুখ্যমন্ত্ৰী

0
356

গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে নবীন নগৰত ৰাজ্য চৰকাৰে ১০-১৫ বিঘা এলেকাজোৰা এটা হ্ৰদ নিৰ্মাণ কৰিব৷ এইবাৰ ৰাজ্য চৰকাৰে কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে এক পৰিকল্পনা কৰিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে৷ 
মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে কিছুমান তৃণমূল পৰ্যায়ত পদক্ষেপ ল’ব লাগিব৷ তেওঁ নবীন নগৰত এটা হ্ৰদ নিৰ্মাণ কৰি গুৱাহাটীৰ পানী জমা কৰাৰ এক পৰিকল্পনা কৰাৰ কথা অৱগত কৰে৷ নবীন নগৰৰ মানুহক উচিত ক্ষতিপূৰণ দি সেই ঠাইৰ পৰা আঁতৰাই প্ৰায় ১০-১৫ বিঘা ভূমি অধিগ্ৰহণ কৰি তাত এই হ্ৰদ নিৰ্মাণ কৰিলে, গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাৰ আধা সমাধান হ’ব বুলিও তেওঁ সদৰী কৰে৷ 
এইবাৰ চৰকাৰে এই কাম কৰিবৰ বাবে প্ৰচেষ্টা কৰিব বুলিও তেওঁ কয়৷ যদি এই কাম কৰিব পৰা যায় তেনেহ’লে কৃত্ৰিম বানৰ পানীখিনি তাত জমা হৈ থাকিব বুলিও কয়৷ কাম কৰিব পাৰিলে তিনি বছৰতে গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা সমাধান হোৱাৰ আশাও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীজনে৷ বিদেশৰ বহুকেইখন মহানগৰত এইদৰে মহানগৰৰ মাজত কৃত্ৰিম হ্ৰদ আছে৷ সেয়ে তাত কৃত্ৰিম বান সমস্যা নাই৷ গুৱাহাটীতো যদি অমৃত সৰোবৰসদৃশ এটা কৃত্ৰিম হ্ৰদ নিৰ্মাণ কৰিব পৰা যায়, তেনেহ’লে মহানগৰবাসীও সমস্যাৰ পৰা উপশম পাব বুলি তেওঁ সদৰী কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here