ৰাজ্যলৈ সুখবৰ! এক কেজি চাহৰ দৰ এক লাখ টকা

0
617

গোলাঘাট জিলাৰ ‘পাভজান গ’ল্ড টী’ নামৰ এবিধ বিৰল জৈৱিক চাহ ২০ জুনত এক কিল’ত এক লাখ টকাত নিলামত বিক্ৰী হয়৷ এই বছৰ ইমান দামত চাহ নিলাম হোৱা এয়ে প্ৰথম৷ যোৰহাট চাহ নিলাম কেন্দ্ৰৰ এজন বিষয়াই কয় যে পাভজান অৰ্গেনিক টী এষ্টেটে বিক্ৰী কৰা এই চাহ কিনে অসম ভিত্তিক টী ব্ৰেণ্ড এছাহ টীয়ে৷ 
এছাহ টীৰ চি ই অ’ বিজিত শৰ্মাই কয় যে এই চাহে তেওঁলোকৰ গ্ৰাহকসকললৈ অসমৰ এবিধ অন্যতম সুন্দৰ চাহ আগবঢ়োৱাত সহায় কৰিব৷ পাভজান অৰ্গেনিক চাহ বাগিচাৰ গৰাকী ৰাখী দত্ত শইকীয়াই কয় যে তেওঁলোকে এই বিৰল চাহ মাত্ৰ এক কিল’গ্ৰামহে উৎপাদন কৰিছিল৷ উল্লেখ্য যে বিগত বৰ্ষত যোৰহাট চাহ নিলাম কেন্দ্ৰত পাভজান চাহ বাগিচাৰ অৰ্থডক্স চাহে নিলামৰ শীৰ্ষ স্থান দখল কৰিছিল৷ এইবাৰে নিজৰে অভিলেখ ভংগ কৰি পুনৰ শীৰ্ষস্থানত অৱস্থান কৰে পাভজান চাহ বাগিচাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here