কেয়াৰ ইণ্ডিয়াই আগবঢ়ালে টিকা এক্সপ্ৰেছ সেৱা

0
366
ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যৰ ৯খন জিলাৰ দুৰ্গম, ভিতৰুৱা অঞ্চল আৰু চৰ-চাপৰি এলেকাত কভিড প্ৰতিষেধক প্ৰদানৰ বাবে কেয়াৰ ইণ্ডিয়া নামৰ NGO এটাই স্বাস্থ্য বিভাগলৈ আগবঢ়োৱা ৪০খন কভিড টিকা এক্সপ্ৰেছৰ সেৱাও আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ কামৰূপ মহানগৰ, ধুবুৰী, বৰপেটা, গোৱালপাৰা, ডিমা হাছাও, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, দক্ষিণ শালমাৰা আৰু ওদালগুৰি জিলাৰ দুৰ্গম এলেকাত কভিড প্ৰতিষেধক প্ৰদানৰ বাবে কেয়াৰ ইণ্ডিয়াই আগবঢ়োৱা এই ৪০খন টিকা এক্সপ্ৰেছৰ ভিতৰৰে ২৮খন ম’বাইল কভিড প্ৰতিষেধক প্ৰদানকাৰী ভান আৰু ১২খন কভিড প্ৰতিষেধক প্ৰদানকাৰী নৌকা৷ কেয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী ৰশ্মি মহান্তিয়েও ভাগ লোৱা এই অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰীয়ে পতাকা জোকাৰি ম’বাইল কভিড প্ৰতিষেধক ভানকেইখন সংশ্লিষ্ট জিলাসমূহলৈ প্ৰেৰণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here