ভাল টোপনি আহিবলৈ শোৱাৰ আগত কৰক এইসমূহ আসন (Do these yogasanas before going to bed for a sound sleep)

0
973
ৰাতি ভাল টোপনি নহাৰ সদায় কিবা নহয় কিবা কাৰণ থাকেই৷ তাৰ ভিতৰত এটা হৈছে স্ত্ৰেচ৷ যেতিয়া আমাৰ মগজুত অত্যধিক কামৰ বোজা, চিন্তা-ভাবনা আদিয়ে বাস কৰিবলৈ লয়, তেতিয়া জিৰণি লোৱাটো প্ৰায় অসম্ভৱ হৈ যায়৷ সেয়েহে ভাল তথা উন্নত টোপনি আহিবলৈ শোৱাৰ আগতে স্ত্ৰেচমুক্ত হোৱাটো অতি জৰুৰী৷ এই ক্ষেত্ৰত আপোনাক সহায় কৰিব পাৰে কেইটামান সহজ আসনে৷ দৈনিক শোৱাৰ আগত এইকেইটা আসন কৰিলে আপুনি নিশ্চয় সুফল লাভ কৰিব পাৰিব৷

(১) প্ৰথমটো হৈছে বালাসন৷ এই আসন শোৱাৰ আগত কৰিলে মন-মগজু শান্ত কৰি স্ত্ৰেচমুক্ত হোৱাৰ লগতে ব্লাড চাৰ্কুলেশ্যন উন্নতি কৰি টোপনি অহাত সহায় কৰে৷

Yoga Asanas | Watch out for these common mistakes while performing Balasana or the Child's Pose | Health Tips and News


(২) ছালাভাসন-এ শৰীৰৰ মাংসপেশীসমূহক আৰাম প্ৰদান কৰি ভাল টোপনি অহাত অৰিহণা যোগায়৷

Shalabhasana or the locust pose – an asana to help relieve back pain and indigestion | TheHealthSite.com


(৩) জানু শীৰ্ষাসনে মন-মগজু শান্ত কৰি মনৰ অৱসাদ আঁতৰোৱাৰ লগতে ৰাজহাড়, ভৰি তথা সৰ্বশৰীৰৰ স্ত্ৰেচিং কৰে৷ ফলত ভাল টোপনি আহে৷

Janu Sirsasana (Head-To-Knee Pose): Steps, Benefits & Variations (a,b,c) - Fitsri


(8) শৱাসনে স্নায়ুসমূহক আৰাম প্ৰদান কৰাৰ লগতে শৰীৰৰ ভাগৰুৱা মাংসপেশীসমূহক জিৰণি দি ভাল টোপনি অহাত সহায় কৰে৷

Shavasana (Corpse Pose) steps, precautions and benefits - Finess Yoga

LEAVE A REPLY

Please enter your comment!
Please enter your name here