ক্ষুধা-পুষ্টিহীনতাত ভাৰতৰ অৱস্থা শোচনীয় (India presents a pathetic picture with hunger and malnutrition)

0
1349
২০২১ চনৰ আন্তঃৰাষ্ট্ৰীয় ক্ষুধা সূচকাংকত গ্ল’বেল হাংগাৰ ইনডেক্স (Global Hunger Index), চমুকৈ GHI ১১৬খন দেশৰ ভিতৰত ভাৰত ১০১ নম্বৰ স্থানলৈ অৱনমিত হৈছে৷ ২০২০ চনত ভাৰতৰ স্থান আছিল ৯৪ নম্বৰত৷ এতিয়া GHI-ত পাকিস্তান, বাংলাদেশ আৰু নেপালতকৈও তললৈ নামিল ভাৰতৰ স্থান৷ মাত্ৰ ১৫খন দেশহে ভাৰততকৈ পাছত আছে৷ সেইকেইখন ক্ৰমে পাপুৱা নিউগিনি (১০২), আফগানিস্তান (১০৩), নাইজেৰিয়া (১০৩), কংগো (১০৫), মোজাম্বিক (১০৬), ছিয়েৰা লিয়ন (১০৬), টিমৰ-লেষ্টে (১০৮), হাইটি (১০৯), লাইবেৰিয়া (১১০), মাডাগাস্কাৰ (১১১), কংগো গণতান্ত্ৰিক গণৰাজ্য (১১২), চাদ (১১৩), চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক (১১৪), য়েমেন (১১৫) আৰু ছোমালিয়া (১১৬)৷ চীন, কুৱেইট আৰু ব্ৰাজিলকে ধৰি ১৮খন দেশৰ GHI স্ক’ৰ পাঁচতকৈ কম আৰু সেই দেশকেইখন শীৰ্ষত আছে৷ GHI-এ বিশ্বৰ দেশসমূহৰ ক্ষুধা আৰু পুষ্টিহীনতাৰ অৱস্থা পৰ্যবেক্ষণ কৰে৷ আয়াৰলেণ্ডৰ সাহায্য সংস্থা Concern Worldwide আৰু জাৰ্মানিৰ সংগঠন Welthungerhilfe-এ যুটীয়াভাৱে প্ৰস্তুত কৰা প্ৰতিবেদনখনত কোৱা হৈছে যে ভাৰতত ক্ষুধাৰ অৱস্থা ‘বিপজ্জনক’৷ ভাৰতৰ GHI স্ক’ৰ ২০০০ চনত আছিল ৩৮.৮ আৰু ২০১২ চনৰ পৰা ২০২১ চনৰ ভিতৰত ২৮.৮-২৭.৫১ মাজত উঠা-নমা কৰি আছে৷ GHI-ত চুবুৰীয়া দেশ নেপাল (৭৬ নম্বৰ স্থান), বাংলাদেশ (৭৬), ম্যানমাৰ (৭১) আৰু পাকিস্তানৰ (৯২) স্থান ভাৰততকৈ ওপৰত৷ অৱশ্যে এই দেশকেইখনো ‘বিপজ্জনক’ শ্ৰেণীত পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here