GMCH-ৰ ৬১সংখ্যক প্ৰতিষ্ঠা দিৱস !ৰোগীক ক্ষিপ্ৰতাৰে চিকিৎসা প্ৰদানত গুৰুত্ব (61st foundation day of GMCH: stress on prompt treatment of patients)

0
1153
ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ অহা সৰ্বসাধাৰণ ৰাইজক অতি ক্ষিপ্ৰতাৰে চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ পোষকতা কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ ৬১সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি স্বাস্থ্য মন্ত্ৰীজনে GNCH-কে ধৰি অসমৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়তে এই দিশটো সুনিশ্চিত কৰাত গুৰুত্ব দিয়ে৷ ইয়াৰ বাবে প্ৰতিখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্তৃপক্ষকে চিকিৎসালয় পৰিচালনা ব্যৱস্থাপনাত প্ৰয়োজনীয় পৰিৱৰ্তন সাধনৰো আহ্বান জনায় মন্ত্ৰীজনে৷ স্বাস্থ্য মন্ত্ৰী মহন্তই চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়সমূহলৈ চিকিৎসাৰ বাবে অহা সৰ্বসাধাৰণ ৰাইজে যাতে কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ তাৎক্ষণিকভাৱে চিকিৎসা সেৱা লাভ কৰিব পাৰে, সেয়া সুনিশ্চিত কৰিব লাগিব বুলি কয়৷ চিকিৎসা মহাবিদ্যালয়লৈ অহা ৰোগী এগৰাকীয়ে চিকিৎসা সেৱাৰ বাবে ইফালৰ পৰা সিফাললৈ দৌৰি থাকিব লগাত পৰে আৰু তেওঁক বহু সময়ত পৰীক্ষা-পাতিৰ বাবে কেইবাদিনো চিকিৎসালয়ৰ এটা বিভাগৰ পৰা আন এটা বিভাগলৈ তাঁত-বাটি কৰোৱাৰ দৰে পৰিস্থিতি হয়৷ এই পৰিস্থিতিৰ অৱসান ঘটাই সৰ্বসাধাৰণৰ বাবে ক্ষিপ্ৰ চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰিব লাগিব বুলিও তেওঁ কয়৷ ইতিমধ্যে ৰাজ্য চৰকাৰে এই দিশত বিশেষভাৱে চিন্তা কৰাৰ বিষয়ে ইংগিত দি স্বাস্থ্য মন্ত্ৰী মহন্তই কয় যে শীঘ্ৰে জি এম চি এইচসহ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ৰ পৰিচালনা ব্যৱস্থাক অধিক সুসংহত আৰু গতিশীল কৰাৰ বাবে প্ৰয়োজনীয় কাৰ্য পৰিকল্পনা যুগুত কৰি শীঘ্ৰে চৰকাৰৰ ওচৰত দাখিল কৰিবলৈ কেউখন চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষকে দায়িত্ব দিয়া হৈছে৷ দেশৰ আগশাৰীৰ চিকিৎসা শিক্ষানুষ্ঠানসমূহৰ গুণগত মানৰ সৈতে ফেৰ মাৰিব পৰাকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক মান আৰু অধিক উন্নীত কৰাৰ লগতে চিকিৎসা বিজ্ঞানৰ গৱেষণা কাৰ্যও চলাই যাব পৰাকৈ মহাবিদ্যালয়খনত গৱেষণাৰ শাখা এটাও মুকলি কৰিবলৈ স্বাস্থ্য মন্ত্ৰীয়ে পৰামৰ্শ আগবঢ়ায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here