কুকুৰে কামুৰিলে প্ৰাথমিক চিকিৎসা কেনেদৰে কৰিব ? What preliminary treatment is to be taken when a dog bites?

0
598
প্ৰত্যেক মানুহৰে কম-বেছি পৰিমাণে কুকুৰলৈ ভয় থাকে৷ জানোচা কামুৰি দিয়ে৷ যেতিয়া কুকুৰ এটাই ভুকি ভুকি প্ৰচণ্ড গতিত আপোনালৈ চোঁচা লয়, তেতিয়া আপোনাৰ বুকুখন চিৰিংকৈ উঠে৷ অৱশ্যে ভয় কৰিবলগীয়া কাৰণো আছে৷ কাৰণ কুকুৰে কামুৰিলে সংক্ৰমণ হৈ আপুনি জলাতংক ৰোগতো ভুগিব পাৰে৷ আনকি কুকুৰে কামোৰাৰ ফলত চৌধ্যটাকৈ বেজী লোৱাৰ পৰিস্থিতিৰো সন্মুখীন হোৱা লোক নিশ্চয় আছে৷ এয়া কেৱল ভুক্তভোগীয়েহে উপলব্ধি কৰিব পাৰে৷

কুকুৰৰ মুখৰ ভিতৰত বিভিন্ন ধৰণৰ বেক্টেৰিয়া থাকে৷ এনে অৱস্থাত যদি কুকুৰে আপোনাক আঁচোৰে বা কামোৰে, তেতিয়া এই বেক্টেৰিয়া তেজৰ মাধ্যমেৰে শৰীৰত প্ৰৱেশ কৰিব পাৰে৷ বিশেষকৈ এই সমস্যা তেতিয়া হয়, যেতিয়া কুকুৰে কামোৰাৰ ফলত আপোনাৰ ছাল গৈ ৰক্তক্ষৰণ হয়৷ সেয়েহে সংক্ৰমণ নিবিয়পিবলৈ আপুনি ততালিকে চিকিৎসকৰ কাষ চপা উচিত৷ ইয়াৰ উপৰি কুকুৰে কামোৰাৰ লগে লগে ঘৰতে কিছু প্ৰাথমিক চিকিৎসা কৰি সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে৷

If a Dog Bites You, Do These 6 Things Now – Cleveland Clinic


(১) কুকুৰে কামোৰাৰ লগে লগে ক্ষতস্থানত কমেও দুই মিনিটমান চাবোন মাৰি পাঁচ মিনিটমান খোলা টেপৰ পানীৰে ক্ষতস্থান পৰিষ্কাৰ কৰিব লাগে৷ চাবোনৰ ফেন যিমানে ওলাব, সিমানে ভাল৷

Minor Burn Treatment, First Aid Tips - Bangkok First Aid Thailand


(২) ক্ষতস্থান হালধিযুক্ত পানীৰে ধুলেও যথেষ্ট সুফল লাভ কৰিব পাৰি৷


(৩) এনেকৈ চাফা কৰি উঠাৰ পাছত তাত এণ্টিবায়’টিক ক্ৰিম লগাই ধূলি-বালি পৰিব নোৱৰাকৈ বেণ্ডেজ লগাই চিকিৎসকৰ কাষ চপা উচিত৷

Open wound care: Types, risks, and treatment


(8) ইয়াৰ উপৰি বনৌষধিৰেও কিছু পৰিমাণে ইয়াৰ চিকিৎসা কৰিব পাৰি৷ ইয়াৰ বাবে গুৰ, তেল আৰু আকণৰ আঠা একেলগে মিহলাই বতি কামোৰা ঠাইত লগাব লাগে৷


(৫) দোৰোণৰ আগ ঘিউত ভাজি পুৱা খালী পেটত এসপ্তাহমান খোৱা উচিত৷


(৬) অন্ততঃ কেইমাহমান মাটিমাহ, মাছ, বীজলুৱা খাদ্য, শাক একেবাৰে খাব নালাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here