কেঁচা জলকীয়া খালে শৰীৰৰ কি লাভ হয় ? How is green chilli beneficial to the body?

0
681

শীতকালত মন-পচন্দৰ আঞ্জাখনৰ সোৱাদ বঢ়াবলৈ কেঁচা জলকীয়াৰ বিকল্প নাই৷ যিমানে সোৱাদ নহওক কিয়, খোৱাৰ সময়ত ব্যঞ্জনখনত জ্বলা নহ’লে বহুতৰে ভাতগৰাহ যেন ভিতৰলৈকে নোসোমায়৷ আঞ্জাত জ্বলা হোৱাটো বহুতেই পচন্দ কৰে৷ এইদৰে জ্বলা খোৱাৰ ফলত ই যে অকল খাদ্যৰ সোৱাদেই বঢ়ায়, তেনে নহয়৷ কেঁচা জলকীয়াই স্বাস্থ্যৰ যথেষ্ট উপকাৰ সাধন কৰে৷ ইয়াত প্ৰচুৰ পৰিমাণে ডায়েটৰী ফাইবাৰ, ভিটামিন-C, ভিটামিন-A, ভিটামিন-B6, পটাচিয়াম, কপাৰ, থিয়াচিন, ৰাইবোফ্লেবিন, নিয়াছন, ফলেট, আইৰন, ফচফৰাছ আদি পোৱা যায়৷ জানো আহক কেঁচা জলকীয়াই আমাক কেনেদৰে উপকাৰ কৰে৷

10 Health Benefits of Green Chillies — Kohinoor


[১] কেঁচা জলকীয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-C, বিটা কেৰ’টিন আৰু এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে শৰীৰৰ ইমিউনিটি বঢ়োৱাৰ লগতে দৃষ্টিশক্তি উন্নত কৰে৷ ছালৰ উজ্জ্বলতা বঢ়োৱাত কেঁচা জলকীয়াই সহায় কৰে৷


[২] শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে কেঁচা জলকীয়াই৷ ফলত বিভিন্ন ধৰণৰ বেমাৰৰ পৰা শৰীৰক সুৰক্ষা দিয়ে৷


[৩] কেঁচা জলকীয়াই শৰীৰৰ ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ ৰাখে৷ সেয়েহে ডায়েবেটিছ ৰোগীৰ বাবে কেঁচা জলকীয়া যথেষ্ট কাৰ্যকৰী৷


[৪] কেঁচা জলকীয়াত কেপছিচিন নামৰ উপাদান থাকে৷ এই উপাদান শৰীৰৰ নানাবিধ ৰোগৰ কাৰণে উপকাৰী, বিশেষকৈ চাইনাছৰ সমস্যা নিৰ্মূলৰ বাবে বিশেষভাৱে কাৰ্যকৰী৷


[৫] কেঁচা জলকীয়াত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ পৰা ক্ষতিকাৰক টক্সিন বাহিৰ কৰাত সহায় কৰে৷ ইয়াৰ ফলত কেঞ্চাৰ কোষ ধবংস, প্ৰষ্টেটৰ যিকোনো ৰোগ দূৰ কৰাত সহায় কৰে৷


[৬] কেঁচা জলকীয়াই এণ্ডোৰফিন হৰমনৰ ক্ষৰণ বঢ়াই দিয়ে৷ ইয়ে ষ্ট্ৰেচ লেভেল কমাই মনত আনন্দৰ ভাব যোগাই তোলে৷


[৭] হাৰ্ট সুস্থ ৰাখিবলৈ কেঁচা জলকীয়া খাওক৷ ইয়াত থকা বিভিন্ন উপাদানে তেজৰ বেয়া কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে৷


[৮] আনকি তেজ জমা হোৱা সমস্যাৰ পৰা কেঁচা জলকীয়াই সকাহ দিব পাৰে৷ কেঁচা জলকীয়াই ষ্ট্ৰ’ক, হাৰ্ট এটেক আদি সমস্যা নিৰাময় কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here