উঃ-পূৰ্বাঞ্চলৰ প্ৰথমজন অ’মিক্ৰনৰ দ্বাৰা সংক্ৰমিত ব্যক্তি চিনাক্ত

0
381
টাঞ্জানিয়াৰ পৰা মণিপুৰলৈ উভতি অহা ৪৮ বছৰীয়া এজন লোকৰ শৰীৰত অ’মিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণ হোৱা বুলি ধৰা পৰে৷ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ মতে এইগৰাকী লোকেই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন অ’মিক্ৰনৰ দ্বাৰা সংক্ৰমিত লোক৷ সঞ্চালকালয়ে জনায় যে পশ্চিম ইম্ফল জিলা নিৱাসী লোকজন শেহতীয়াকৈ আফ্ৰিকাৰ টাঞ্জানিয়াৰ পৰা দিল্লী হৈ উভতিছিল৷ ভাৰতলৈ অহাৰ পাছত অষ্টম দিনা তেওঁৰ শৰীৰত কভিড-১৯ৰ সংক্ৰমণ ধৰা পৰিছিল আৰু তেওঁৰ নমুনা জিনম ছিকুৱেন্সিঙৰ বাবে ইম্ফলৰ জৈৱ সম্পদ আৰু বহনক্ষম উন্নয়ন প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হৈছিল৷ তাৰ ফলাফলত লোকজনৰ দেহত অ’মিক্ৰনত আক্ৰান্ত হোৱা বুলি ধৰা পৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here