কুকুৰ-মেকুৰীয়ে কামুৰিলে দোৰোণ শাক খাওক– কিয়?

0
1310
সৰুতে দোৰোণৰ ফুল চুপি খোৱাৰ অভ্যাস আপোনাৰ মনত আছেনে? মিঠা-সোৱাদযুক্ত হোৱাৰ বাবে দোৰোণৰ ফুলবোৰ খাবলৈ সৰুতে সকলোৰে হেতা-ওপৰা লাগিছিল৷ পিছে য’তে-ত’তে গজা এই বনশাকবিধ কিমান ঔষধি গুণেৰে পৰিপূৰ্ণ এই কথা হয়তো আপুনি শৈশৱত নজনাকৈয়ে দোৰোণৰ ফুল চুপি খাইছিল৷ ফলত ক’ৰবাত নহয় ক’ৰবাত আপোনাৰ স্বাস্থ্য ধৰি ৰখাত আপুনি নজনাকৈয়ে দোৰোণ শাকে নিশ্চয় অৰিহণা যোগাইিছল৷ সেয়েহে আজি আমি দোৰোণ শাকৰ ঔষধি গুণবোৰ আলোচনা কৰিবলৈ ওলাইছোঁ৷

(১) দোৰোণৰ ফুল আৰু পাত জালুকৰ লগত পিহি পুৱা খালী পেটত একেৰাহে তিনিদিন খালে মাহেকীয়া পেটৰ বিষ ভাল হয়৷


(২) কুকুৰ-মেকুৰীয়ে কামুৰিলে দোৰোণৰ আগ ঘিউত ভাজি পুৱা খালী পেটত কেইদিনমান খালে বিষৰ উপশম হয়৷

Durun Xaak Chutney – Grub Tales by Sanjukta


(৩) টনচিল বাঢ়িলে দোৰোণ শাক ভাজি খালে সুফল পোৱা যায়৷


(8) চৰ্দি, চাইনাছ, মূৰৰ বিষ আৰু নাকেৰে তেজ ওলোৱা সমস্যাত দোৰোণ শাকৰ ৰস উলিয়াই নাকত দিলে আৰাম পোৱা যায়৷

দোৰোণ শাকৰ ভাজিখন জুতিলগাকে কেনেকৈ ৰান্ধিলোঁ চাবচোন/ASSAMESE TRADITIONAL SAAG RECIPE/DURUN SHAK - YouTube


(৫) দোৰোণৰ আগ আৰু ফুল বটি কুঁহিয়াৰৰ ৰস আৰু ছাগলীৰ গাখীৰৰ লগত মিহলাই খালে পেচাবৰ পোৰণি নাইকিয়া হয়৷


(৬) কৃমি নাশ আৰু বদহজম দূৰ কৰাটো দোৰোণ শাকে বিশেষ ভূমিকা লয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here