বিশ্বত কৰ’নাৰ তৃতীয়টো ঢৌ আৰম্ভ: বিশ্ব স্বাস্থ্য সংস্থা

0
746
বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰোছ আধানোম গেব্ৰিয়েছাছে কয় যে বিশ্বত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ তৃতীয়টো ঢৌ আৰম্ভ হৈছে৷ স্বাস্থ্য বিশেষজ্ঞসকলে এইবুলি কয় যে শেহতীয়াকৈ সমগ্ৰ বিশ্বতে কৰ’নাৰ সংক্ৰমণ আৰু এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ ৰাষ্ট্ৰসংঘৰ মিডিয়া শাখাৰ মতে, সমগ্ৰ বিশ্বত একেৰাহে চতুৰ্থ সপ্তাহৰ বাবে সংক্ৰমণ বৃদ্ধি পাইছে৷ ইয়াৰ আগতে দহ সপ্তাহ সংক্ৰমণ হ্ৰাস পাইছিল, কিন্তু তাৰ পাছত সংক্ৰমণ বৃদ্ধি পাই আছে৷ গেব্ৰিয়েছাছে কয় যে এই ভাইৰাছে নিজৰ ৰূপ সলনি কৰি আছে৷ ইয়াৰ লগে লগে ই অধিক সংক্ৰামক হ’বলৈ  ধৰিছে৷ ডেল্টা ভেৰিয়েণ্ট এতিয়া বিশ্বৰ ১১১খনতকৈ অধিক দেশলৈ সংক্ৰমণ হোৱা বুলি তেওঁ প্ৰকাশ কৰে৷ তেওঁৰ মতে এই ডেল্টা ভেৰিয়েণ্ট অচিৰেই সমগ্ৰ বিশ্বলৈ বিয়পাৰ সম্ভাৱনা আছে৷  বিশ্ব স্বাস্থ্য সংগঠনৰ মতে, যোৱা সপ্তাহত বিশ্বত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে৷ সপ্তাহটোত ৫৫ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে৷  আনহাতে যোৱা সপ্তাহত সংক্ৰমণৰ হাৰ ১০%, অৰ্থাৎ প্ৰায় ৩০ লাখ বৃদ্ধি পাইছে৷ ইয়াৰে অধিকাংশ লোক হ’ল ব্ৰাজিল, ভাৰত আৰু ইণ্ডোনেছিয়াৰ৷ সংক্ৰমণ বৃদ্ধি পোৱাৰ কাৰণ হ’ল টিকাকৰণৰ হাৰ লেহেম হোৱা, মাস্ক পৰিধান নকৰা তথা কৰ’নাৰ নিয়ম পালন নকৰা আৰু ডেল্টা ভেৰিয়েণ্টৰ সংক্ৰমণ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here