ক’লা কিচমিচৰ স্বাস্থ্য উপকাৰী গুণ জানেনে ?

0
57


ক’লা কিচমিচ– ইয়াক মূলতঃ আঙুৰ শুকাই প্ৰস্তুত কৰা হয়৷ এই ক’লা কিচমিচত আছে বিভিন্ন ধৰণৰ স্বাস্থ্য উপকাৰী গুণ ক’লা কিচমিচত পটাচিয়াম আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়, যি হাৰ্ট সুস্থ তথা সবল কৰি ৰখাত সহায় কৰে৷ ইয়াত থকা ফাইবাৰে হজম শক্তি উন্নত কৰে৷ যাৰ ফলত কোষ্ঠকাঠিন্য, বদহজম আদি সমস্যাৰ পৰা সকাহ দিয়ে৷ ক’লা কিচমিচত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে আৰু এই উপাদানে হাড় মজবুত তথা শক্তিশালী কৰি ৰাখে৷ ভিটামিন-এ আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ ক’লা কিচমিচে চকুৰ সুৰক্ষা কৰাৰ বিশেষভাৱে উপকাৰী৷ আনহাতে ইয়াত ভিটামিন-চি আৰু এণ্টিঅক্সিডেণ্ট থাকে বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ ক’লা কিচমিচত থকা আইৰনে তেজৰ অভাৱ দূৰ কৰিব পাৰে৷ ৷ ইয়াক প্ৰাকৃতিকভাৱে গ্লুকজ আৰু ফ্লুক্টজ থাকে, যিয়ে শৰীৰক তাৎক্ষণিক শক্তি যোগান ধৰিব পাৰে৷ ইয়াত উপস্থিত থকা অন্য উপযোগী উপাদানে ছালখন সু্‌স্থ তথা তৰুণ কৰি ৰখাৰ বাবে যথেষ্ট কাৰ্যকৰী৷ ডেৰাডুনৰ হোমিথ’প্যাথি চিকিৎসক ডাঃ পংকজে জানিবলৈ দিয়ে যে ক’লা কিচমিচত আৰজিনিন নামৰ এবিধ এমিন’ এচিড থাকে, যিয়ে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা তথা গুণমান উন্নত কৰাত সহায় কৰে৷ ইয়াৰ উপৰি কিচমিচত থাকে চেলেনিয়াম, এণ্টিঅক্সিডেণ্ট তথা ফ্লেভোনয়েড, যিয়ে যৌন দুৰ্বলতাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰে৷ ইয়াৰ বাহিৰেও ক’লা কিচমিচত থকা কাৰ্বহাইড্ৰেটে শৰীৰক শক্তিৰ যোগান ধৰে তথা ভোগ বঢ়োৱাত সহায় কৰে৷ যিসকল ব্য্যক্তিৰ আভোগৰ সমস্যা আছে, তেওঁলোকে ক’লা কিচমিচ খালে সুফল লাভ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here