অত্যধিক যৌন আসক্তি অকল নিচা নে আন ৰোগ

0
84


আমেৰিকাৰ বিশিষ্ট লেখক মাৰ্ক টোৱেননে এবাৰ কৈছিল যে ধূমপানৰ অভ্যাস এৰা অতি সহজ৷ কাৰণ তেওঁ তিনিশতকৈ বেছিবাৰ এই অভ্যাস এৰি দিছে৷ স্মৰ্তব্য যে তেওঁৰ মৃত্যু হৈছিল হাঁওফাঁওৰ কেঞ্চাৰত৷ নিকোটিন, মদ, বা অন্যান্য মাদক দ্ৰব্যৰ নিচা বা আসক্তি কি? তথা ইয়াৰ ফলত কি ক্ষতি হয়, সেই সম্পৰ্কে অধিকাংশ লোকেই অৱগত৷ কিন্তু এনেধৰণৰ নিচাৰ সৈতে যৌন আসক্তিক কি একে শাৰীতে থ’ব পাৰে নেকি? আচলতে অত্যধিক যৌন মিলনৰ আসক্তি ব্যস্ত নে এক কাল্পনিক অনুভূতি বা ক্ৰিয়া৷ অৰ্থাৎ যৌন আসক্তি এক নিচাজনিত ৰোগ হিচাপে গণ্য কৰিব পৰা যায়নে? উল্লেখ্য যে মানসিক অসুস্থতাৰ এটা ডায়েগনষ্টিক আৰু ষ্টেটিষ্টিকেল মেনুৱেলত ২০১৩ চনত যৌন আসক্তিক অন্তৰ্ভুক্ত কৰা কথা উঠিছিল৷ কিন্তু যথেষ্ট প্ৰমাণ নোপোৱাৰ বাবে ইয়াক বাতিল কৰা হয়৷ কিন্তু এতিয়া কম্পালছিভ বা অপ্ৰতিৰোধ্য যৌন আচৰণক বিশ্ব স্বাস্থ্য সংস্থাৰ আন্তৰ্জাতিকভাৱে শ্ৰেণীভুক্ত ৰোগৰ তালিকাত আছে বাবে অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ কৰা হৈছে৷ আনহাতে ২০১৪ চনৰ এটা জৰীপত কোৱা হৈছে যে এজন যৌন আসক্তৰ এথন পৰ্নগ্ৰাফী চালে মস্তিষ্কত যি ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়, এজন মাদকদ্ৰব্য সেৱনকাৰীয়ে তেওঁৰ প্ৰিয় মাদকদ্ৰব্য দেখিলে সেই একেই উত্তেজনাই ক্ৰিয়া কৰে৷ এই দুই কাৰ্যৰ মাজত বহু মিল আছে৷ আনহাতে এনে বহু বিশেষজ্ঞও আছে যিসকলে যৌন আসক্তিক মাদকদ্ৰব্যৰ নিচাৰ সৈতে তুলনা কৰিব নিবিচাৰে৷ মিথ অব্‌ এডিকশ্যনৰ লেখক ডেভিদ লিয়ে কৈছে যে যৌন মিলন এলকহল বা আন মাদকদ্ৰব্য আসক্তিৰ সৈতে তুলনা কৰাটো হ্যস্যকৰ৷ মাদক দ্ৰব্য আসক্তই মাদক দ্ৰব্য এৰি দিয়াৰ ফলত শাৰীৰিক প্ৰতিক্ৰিয়াত মৃত্যুও হ’ব পাৰে৷ আচলতে যৌন আসক্ত বিষয়টো নিচানে? তাৰ বিচাৰ কৰা হয় মানুহে স্বাভাৱিক যৌন জীৱনৰ বলত নৈতিকভাৱে কি বুজে তাৰ ওপৰত ভিত্তি কৰিহে৷ যৌন আসক্তি এতিয়া এটা চিকিৎসাৰ বিষয় নহয়, এই সংক্ৰান্তত কোনো তথ্য নাই যে এইধৰণৰ ৰোগত আক্ৰান্ত হৈ ডক্তৰৰ সাহায্য বিচাৰিছে৷ উল্লেখ্য যে ব্ৰিটেইনৰ ক্ষেত্ৰত যদি মন কৰে তাত অস্বাভাৱিক যৌন বা পৰ্নগ্ৰাফী চোৱাৰ আসক্তিত আক্ৰান্ত, তেনেহ’লে তেওঁলোকে বেৱছাইটলৈ গৈ ইয়াৰ সহায়ত চাব পাৰে৷ এই ৱেবছাইটে যুক্তৰাষ্ট্ৰৰ ২১ হাজাৰ লোকৰ ওপৰত এটা জৰীপ চলাইছিল৷ তাত দেখা গৈছিল যে ইয়াৰ জড়িত ৯১ শতাংশই পুৰুষ আৰু মাত্ৰ ১০ শতাংশইহে ডক্তৰৰ সহায় লয়৷ ইয়াৰ পৰাই পূৰ্বানুমান কৰিব পৰা যায় যে অত্যধিক যৌন আসক্ত অকল নিচাই নহয় এবিধ ৰোগো৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here