আপুনি হয়তো নাজানে ? ক’লা নিমখেও স্বাস্থ্যৰ ক্ষতি কৰে

0
48


স্বাস্থ্যৰ প্ৰতি সচেতন ভালেমান লোকে বগা নিমখতকৈ ক’লা নিমখ অধিক ব্যৱহাৰ কৰে৷ ভালেমান লোকে এচিডিটি, বদহজম হ’লেও ক’লা নিমখ খায়৷ ইয়াৰ লগতে চালাদ আদিতো বহুতো লোকে ক’লা নিমখ ব্যৱহাৰ নকৰে৷ সাধাৰণতে বগা নিমখ স্বাস্থ্যৰ বাবে অধিক ক্ষতিকাৰক বুলি কোৱা হয়৷ সেয়েহে ইয়াৰ পৰা হোৱা ক্ষতিৰ পৰা বচাবলৈ ক’লা নিমখ ব্যৱহাৰ কৰা হয়, কিন্তু ক’লা নিমখত এনেকুৱা কিছুমান উপাদান আছে যি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ এই কথা প্ৰায় ৯০ শতাংশ লোকেই নাজানে৷ যদিহে ক’লা নিমখ অধিক মাত্ৰাত সেৱন কৰা হয় তেতিয়া শৰীৰত ছডিয়ামৰ মাত্ৰা বৃদ্ধি পায়৷ ই দেহত অধিক পানী জমা হোৱাৰ আশংকা বৃদ্ধি কৰে আৰু ইয়াৰ লগতে উচ্চ ৰক্ত চাপৰো কাৰণ হ’ব পাৰে৷ ক’লা নিমখত ফ্লৰাইডৰ লগতে আন ৰাসায়নিক দ্ৰব্য থাকে, যিবোৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ উচ্চ ৰক্তচাপত ভোগা লোকসকলে পৰাপক্ষত ক’লা নিমখ নোখোৱাই ভাল৷ স্বাস্থ্য বিশেষজ্ঞসকলে এই কথা প্ৰকাশ কৰিছে৷ আনহাতে ক’লা নিমখত আয়’ডিন নাথাকে আৰু সেয়েহে থায়ৰয়েডৰ সমস্যা বৃদ্ধি পাব পাৰে৷ ক’লা নিমখ অধিক হাৰত ব্যৱহাৰ কৰিলে বৃক্কৰো ক্ষতি কৰিব পাৰে৷ ইয়াৰ লগতে বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে বুলি বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here