কম বয়সতে হাতৰ ছাল কোঁচ খাইছে নেকি ? Is your hand skin sagging at a young age?

0
992
আমি মুখৰ ছালখন ভালে ৰাখিবলৈ অশেষ যত্ন কৰোঁ৷ বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰী, স্ক্ৰাবিং কৰা, উন্নত ব্ৰেণ্ডৰ ক্ৰিম লগোৱা আদি নানা পৰিচৰ্যা কৰোঁ৷ ইয়াৰ সমান্তৰালভাৱে কিন্তু হাতৰ ছালখনৰ কথা পাহৰিয়েই যাওঁ৷ এইদৰে অৱহেলাৰ কৰাৰ ফলত হাতখনত মুখৰ লেখীয়া বয়সৰ চাপ পাৰে, আনকি হাতৰ ছালখন কোঁচ খাই যায়৷ ইয়াৰ পৰা পৰিত্ৰাণ কিদৰে পাব পাৰি জানো আহক৷

(১) ৰ’দৰ পৰা ওলোৱা অতিবেঙুনীয়া ৰশ্মিয়ে যে অকল মুখখনৰ ছালৰ ক্ষতি কৰে তেনে নহয়৷ হাতৰ ছালৰো যথেষ্ট ক্ষতি কৰে৷ সেয়েহে ৰ’দত ওলালে মুখত সনাৰ দৰে হাততো ছানক্ৰীন সানি লওক৷ ইয়ে হাতৰ ছালখনক বচাই ৰাখিব৷


(২) হাতৰ ছালখন ভালে ৰখাৰ উপায় হ’ল নিয়মিতৰূপে হাতত ক্ৰীম সনা৷ ৰাতি শোৱাৰ আগতে হাত দুখনত ক্ৰীম ঘঁহিব৷ ইয়ে ছালখনক মসৃণ আৰু মুলাময় কৰি ৰাখিব৷


(৩) সঘনাই চাবোন বা ছেনিটাইজাৰ লগোৱোৰ ফলত হাত দুখনৰ ছালৰ স্বাভাৱিক আদ্ৰৰ্তা হ্ৰাস পায়৷ সেয়েহে যিমানবাৰ হাত ধুব, সিমান বাৰেই মইশ্বৰাইজাৰ লগাওক৷ এনে কৰিলে হাতৰ ছালখনৰ শুষ্কতা দূৰ হয়৷

Best Ways To Get Soft And Beautiful Hands


(৪) ঘৰত কাম কৰাৰ ক্ষেত্ৰত বহু সময় ধৰি পানীৰ সংস্পৰ্শত থকা হয়৷ অত্যধিক পানীৰ ব্যৱহাৰেও হাতৰ ছালখনত প্ৰভাৱ পেলাব পাৰে৷ তেনে সময়ত হাতত গ্ল’ভছ পিন্ধি লওক৷


(৫) হাতৰ ছালখন ভালে ৰাখিবলৈ মাজে মাজে পাৰ্লাৰলৈ গৈ অথবা ঘৰতে ঘৰুৱা উপায়েৰে manicure কৰিব লাগে৷ এনে কৰিলে হাতত বয়সৰ চাপ নপৰে আৰু হাত দুখন উজ্জ্বল আৰু নৰম হৈ থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here