সাৱধান ! পৰিৱেশ-অনুকূল ফট্‌কাহে ফুটাব পাৰিব (Beware, use only eco-friendly fireworks)

0
387
    দেৱালীৰ প্ৰাকমুহূৰ্তত অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে ৰাজ্যখনত গ্ৰীন ফট্‌কাৰ বাহিৰে সকলো ধৰণৰ আতচবাজী ফুটোৱা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে৷ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনা অনুসৰি উৎসৱৰ বতৰত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে দিয়া এই নিৰ্দেশ পৰৱৰ্তী অধিসূচনা জাৰি নকৰালৈকে বাহাল থাকিব৷ 
8 Ways You Can Make This Diwali Special For Others

আনহাতে দীপাৱলীৰ কেইদিন দুঘণ্টাৰ বাবে গ্ৰীন ফট্‌কা, অৰ্থাৎ তুলনামূলকভাৱে পৰিৱেশ-অনুকূল ফট্‌কা ফুটাবলৈ অনুমতি দিয়া হৈছে৷ ইফালে ৰাজ্যৰ আৰক্ষী-প্ৰশাসনক আতচবাজী যোগান বন্ধ কৰিবলৈ ব্যৱস্থা হাতত ল’বলৈও কোৱা হৈছে৷ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগে ৰাজ্যখনৰ সকলো জিলা উপায়ুক্ত আৰু আৰক্ষী অঝীক্ষকসকলক উক্ত নিৰ্দেশনাসমূহ যৎপৰোনাস্তি হিচাপে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে৷ ইয়াৰ অন্যথা এই নিৰ্দেশ কোনোবাই ভংগ কৰিলে বা অবৈধভাৱে ফটকা মজুত কৰি ৰখা, বিক্ৰী কৰে তেনে লোকক আটক কৰিবলৈ বিভাগে নিৰ্দেশ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here