কভেক্সিনক WHO-ৰ অনুমোদন || WHO nod to Covaxin

0
213
ভাৰত বায়’টেকৰ ক’ভিড ভেকচিন কভেক্সিনক জৰুৰী ব্যৱহাৰ তালিকাৰ (EUL)- বাবে বিশ্ব স্বাস্থ্য সংস্থাই অনুমোদন জনায়৷ কভেক্সিন হৈছে ভাৰতৰ ঔষধ নিয়ন্ত্ৰকৰ পৰা জৰুৰী ব্যৱহাৰৰ বাবে অনুমতি পোৱা ৬টা ভেকচিনৰ এটা৷ দেশজুৰি টিকাকৰণ অভিযানত কভিশ্বিল্ড আৰু স্পুট্‌নিক-ভিৰ সৈতে কভেক্সিনো ব্যৱহাৰ হৈ আছে৷ কেন্দ্ৰীয় চৰকাৰে জুলাইত ৰাজ্য সভাত জনাইছিল যে বিশ্ব স্বাস্থ্য সংস্থাৰ EUL-ৰ বাবে প্ৰয়োজনীয় সকলো নথি-পত্ৰ ভাৰত বায়’টেকে ৯ জুলাইত জমা দিলে আৰু বিশ্ব স্বাস্থ্য সংস্থাই পৰ্যালোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে৷ ১৮ অক্টোবৰত বিশ্ব স্বাস্থ্য সংগঠনে জনাইছিল যে তেওঁলোকে ভাৰত বায়টেকৰ পৰা ‘এক অতিৰিক্ত তথ্য’ বিচাৰিছে৷ ইয়াৰ পাছত ২৬ অক্টোবৰত স্বাস্থ্য সংস্থাটোৰ কাৰিকৰী উপদেষ্টা গোট কভেক্সিনৰ সম্পৰ্কত সিদ্ধান্ত ল’বলৈ মিলিত হৈছিল৷ উক্ত বৈঠকত গোটে ভাৰত বায়’টেকৰ পৰা অতিৰিক্ত স্পষ্টীকৰণ বিচাৰিছিল৷ ভাৰত বায়’টেকে স্পষ্টীকৰণ দিয়াৰ পাছতে অনুষ্ঠিত বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰিকৰী উপদেষ্টা গোটৰ বৈঠকত কভেক্সিনৰ EUL-ত অনুমোদন জনোৱা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here