জিঞ্জাৰ এল কি? বিমান যাত্ৰীৰ বাবে কিয় দৰকাৰ ? What is Ginger Ale? Why is it important for air travellers?

0
812

উৰাজাহাজ বা বিমানত উঠিলেই বহুতৰে গা-মূৰ বেয়া লাগে৷ বমি বমি ভাব হয়, মূৰ আচন্দ্ৰাই, শ্বাস লোৱাত কষ্ট আদি বিভিন্ন সমস্যাই দেখা দিয়ে৷ এই সমস্যাৰ পৰা পৰিত্ৰাণৰ বাবে কিছুমানে মুখত চকলেট লোৱা, পানী খোৱা, ছুইংগাম চোবোৱা কামবোৰ কৰে যদিও ইয়াৰ পৰা সকাহ পাবলৈ আপুনি আদাৰ ৰস খাব পাৰে৷ ইয়াৰ বাবে আদা আৰু নেমুৰ ৰস আৰু অলপ চেনি মিহলাই এটা চৰবত তৈয়াৰ কৰি ল’ব পাৰে, যাক কোৱা হয় জিঞ্জাৰ এল৷ এই জিঞ্জাৰ এল সেৱন কৰি বিমানত যাতায়াত কৰিলে আপোনাৰ কেতিয়াও উক্ত সমস্যাসমূহ নহয়৷

Why You Should Always Order Ginger Ale on a Flight | Travel + Leisure

এক অধ্যয়নৰ মতে সমুদ্ৰপৃষ্ঠৰ উচ্চতাত এই জিঞ্জাৰ এল যিমান লাগে, বিমানত যাওঁতে তাৰ সম্পূৰ্ণ ওলোটা৷ ইয়াৰ কাৰণ হ’ল স্থলৰ পৰা বিমানৰ উচ্চতা আৰু তাৰ ভিতৰৰ বায়ুৰ চাপ৷ এই পানীয়বিধ স্বাভাৱিক উচ্চতাত যিমান খাব লাগে, মাজ আকাশত বিমানৰ ভিতৰত খুব বেছি নালাগে৷ বৰং ইয়াৰ মিঠা ভাবটো কিছু কমি যায়, ফলত বমি বমি ভাব, মূৰ বেয়া লগা, মূৰ ঘূৰণি আদি কমাই দিয়ে৷ আনহাতে বিমানৰ ভিতৰত মিঠা লগা পানীয়ৰ সেৱনে বমি বমি ভাব বঢ়াব পাৰে৷ সেই সময়ত ঠাণ্ডা পানী খালে সমস্যাটো বেছি বঢ়াইহে দিয়ে৷ কাৰণ বিমানৰ ভিতৰত বায়ুৰ চাপৰ কাৰণে এইজাতীয় পানীয়ই বেছি ফেনৰ সৃষ্টি কৰে৷ সেই ফেন পেটৰ ভিতৰলৈ যোৱাৰ ফলত বমি, মূৰ ঘূৰোৱা আদি বেছিকৈ হোৱাৰ সম্ভাৱনা থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here