কভিড-১৯ সংক্ৰমণ হ্ৰাস নোহোৱা জিলাত সম্পূৰ্ণ লকডাউনৰ সম্ভাৱনা

0
1107
কভিড-১৯ৰ সংক্ৰমণ ৰাজ্যত অব্যাহত আছে৷ ৰাজ্যত চলি থকা মিনি লকডাউনেও কৰ’না মহামাৰীৰ সংক্ৰমণ হ্ৰাস কৰিবলৈ সক্ষম হোৱা নাই৷ বিশেষকৈ তিনিচুকীয়া, নগাঁও, ডিব্ৰুগড়, শোণিতপুৰ, গোলাঘাট, বিশ্বনাথ, কাছাৰ, যোৰহাট, মৰিগাঁও জিলাকেইখনত সম্পূৰ্ণ লকডাউন দিয়াৰ পোষকতা কৰিছে ৰাজ্য চৰকাৰে৷ উক্ত ৯খন জিলাত কভিড সংক্ৰমণ হ্ৰাস নোপোৱাৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণ লকডাউন দিয়াৰ চিন্তা-চৰ্চা চলাইছে৷ যোৱা ২০ জুনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাই দুলীয়াজানৰ অসম গেছ কোম্পানী লিমিটেডৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ত এখন সংবাদমেলত কয় যে যিবোৰ জিলাত কভিড পৰিস্থিতি জটিল, সেই জিলাবোৰত দহদিনৰ বাবে সম্পূৰ্ণ লকডাউন দিয়া হ’ব৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই লগতে কয় যে অহা ২৩ জুুনত অনুষ্ঠিত হ’বলগীয়া এক পৰ্যালোচনা বৈঠকত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব আৰু ২৪ জুনৰ পৰা উক্ত সিদ্ধান্ত কাৰ্যকৰী কৰা হ’ব৷

উল্লেখ্য যে ৰাজ্যত এচাম লোকে আজিৰ তাৰিখতো কৰ’না মহামাৰীক লৈ ভেঙুচালি কৰি আহিছে৷ মুখ্যতঃ এইচাম লোকে কভিডৰ সকলো নীতি-নিয়ম ভৰিৰে মোহাৰি পেলাই নিজ ইচ্ছামতে চলা-ফিৰা কৰা দেখা গৈছে৷ পুলিচ-প্ৰশাসনেও এনে কভিড নিৰ্দেশ অমান্যকাৰীক নাকী লগাব পৰা নাই৷ যাৰ ফলত ৰাজ্যত আজিও কভিড সংক্ৰমণৰ হাৰ হ্ৰাস হোৱা পৰিলক্ষিত হোৱা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here