সাৱধান! এইবাৰ লাম্বডা ভেৰিয়েণ্টৰ সংক্ৰমণ

0
1270
বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO-এ জনোৱা মতে কৰ’নাৰ লাম্বডা ভেৰিয়েণ্ট এতিয়া বিশ্বৰ ২৯খন দেশলৈ সংক্ৰমিত হৈছে৷ পেৰুত প্ৰথমবাৰৰ বাবে পোৱা এই ভেৰিয়েণ্টৰ বাবে দক্ষিণ আমেৰিকাত কৰ’নাৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছিল৷ পেৰুত যোৱা এপ্ৰিলৰ পৰা এতিয়ালৈকে ৮১% লোক এই ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমিত হৈছে৷ চিলিত এইপৰ্যন্ত ৩২% লোকৰ সংক্ৰমণ এই ভেৰিয়েণ্টৰ দ্বাৰা হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এই ভেৰিয়েণ্টে সঘনাই ৰূপ সলাই নিজকে শক্তিশালী কৰিব পাৰে৷ ইয়াৰ লগতে এই ভেৰিয়েণ্টৰ ওচৰত এণ্টিবডীয়েও কাম নকৰে৷ এই ভেৰিয়েণ্ট বিশ্বৰ আন দেশলৈ সংক্ৰমিত হ’লে পৰিস্থিতি ভয়াৱহ হৈ পৰিব পাৰে বুলি বিশ্ব স্বাস্থ্য সংস্থাই আশংকা কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here