স্বাস্থ্য ৰক্ষাত খাদ্যৰ ভূমিকা

0
1475
"স্বাস্থ্যই পৰম ধন"৷ "দেহা থাকিলেহে বেহা"- এনেধৰণৰ স্বাস্থ্য সম্বন্ধীয় যোজনাবোৰ আমি প্ৰায়ে শুনিবলৈ পাওঁ৷ পিছে কথা হ’ল, আপুনি আপোনাৰ দেহটো সুস্থ কৰি ৰখাৰ বাবে উচিত খাদ্য খাইছেনে? তেন্তে আহক আজি আমি স্বাস্থ্য ৰক্ষাত খাদ্যৰ ভূমিকা সম্বন্ধে কিছু কথা জানো৷

[১] বজাৰত বিক্ৰী হোৱা প্ৰায়বোৰ খাদ্য দ্ৰব্যতে ৰাসায়নিক পদাৰ্থ মিশ্ৰণ কৰা হয়, যিয়ে আমাৰ শৰীৰৰ বিশেষ ক্ষতি কৰিব পাৰে৷ সেয়েহে এনেধৰণৰ পাচলি, ফল-মূল আদি মহানিমৰ পাত, নিমখ আৰু তুলসীৰ পাত মিহলোৱা পানীত ভালদৰে ধুইহে খাব লাগে৷


[২] আহাৰ সোনকালে হজম হ’বৰ বাবে আদা, জালুক আৰু জিৰাৰ গুৰি আহাৰৰ লগত বিশেষকৈ আঞ্জাৰ লগত মিহলাই খালে সুফল পোৱা যায়৷

Allam pappu (ginger dal) – Jyospassions


[৩] ফল-মূলৰ বাকলি ডাঠকৈ গুচাই খাব নালাগে৷ তেনে কৰিলে ফল-মূলৰ বিভিন্ন খাদ্য উপাদান নষ্ট হয়৷ কিয়নো বাকলিৰ ঠিক তলৰ অংশতে বিভিন্ন প্ৰয়োজনীয় খাদ্য উপাদান থাকে৷ সেয়েহে আলু, গাজৰ, তিয়ঁহ আদিৰ বাকলি গুচাব নালাগে৷

Women Is Cutting Fruits For Fruit Salad Stock Photo, Picture And Royalty Free Image. Image 62123389.


[৪] ৰাতিপুৱা খালী পেটত ফল খাব নালাগে৷ কাৰণ আজিকালি বজাৰত দেখা সতেজ ফলসমূহ প্ৰকৃততে প্ৰাকৃতিক নহয়৷ গতিকে পুৱাই খালী পেটত কাবাৰ্ইডযুক্ত ফল খালে ই শৰীৰৰ বাবে হানিকাৰক হ’ব পাৰে৷

I started eating a banana every day on an empty stomach and lost weight!


[৫] আঞ্জাত নিমখ বেছি হ’লে কেইটুকুৰামান আলু আঞ্জাত কাটি দিব লাগে৷ আলুৱে অতিৰিক্ত নিমখ শোষণ কৰি আঞ্জাখন খাবলৈ ৰুচিকৰ কৰি তোলে৷

how to get rid of excess salt in food


গতিকে এনেধৰণৰ কিছুমান সৰু সৰু নিয়ম মানি আমি আমাৰ দেহটো সুস্থ কৰি ৰাখো আহক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here