ক’ভিড ভেক্‌চিন লৈ কোটি টকাৰ পুৰস্কাৰ লাভ : ক’ত ?

0
340
সমগ্ৰ বিশ্বজুৰি কৰ’না মহামাৰীয়ে আতংকৰ সৃষ্টি কৰি অহাৰ সময়তে ইয়াৰ সংক্ৰমণ ৰোধৰ ভেকচিনেই একমাত্ৰ অস্ত্ৰ হিচাপে চিনাক্ত কৰা হৈছে৷ কৰ’না ৰোধৰ বাবে বিশ্বই ভেক্‌চিন প্ৰদানৰ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ ইয়াৰ সমান্তৰালভাৱে বিভিন্ন দেশৰ চৰকাৰে ভেকচিন গ্ৰহণৰ বাবে উৎসাহ তথা ভেকচিন ল’বলৈ আগবাঢ়ি আহিবলৈ বিভিন্ন কৌশল হাতত লৈছে৷ কৰ’না ভেকচিন ল’লে ৰেছন বিনামূলীয়া, খাদ্য সামগ্ৰী যোগান, খেলৰ টিকট লাভ, লটাৰীৰ টিকট ব্যৱস্থা আদি নানা ঘোষণা কৰিছে, জনসাধাৰণে যাতে কৰ’না প্ৰতিৰোধৰ বাবে ভেকচিন ল’বলৈ আগবাঢ়ি আহে৷ শেহতীয়া এক খবৰ মতে অষ্ট্ৰেলিয়াৰ এগৰাকী মহিলাই ক’ভিড ভেকচিন লৈ লটাৰীযোগে লাভ কৰিছে বৃহৎ পৰিমাণৰ অৰ্থ৷ জোৱান ঝু নামৰ মহিলাগৰাকীয়ে কৰ’নাৰ ভেকচিন লোৱা লোকসকলৰ মাজৰ পৰা আয়োজন কৰা লটাৰীযোগে ৭.৪ কোটি টকাৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে মিলিয়ন ডলাৰ ভক্স এলায়েন্স নামৰ লটাৰীখন অষ্ট্ৰেলিয়াৰ কেইজনমান জনহিতৈষী লোক আৰু কোম্পানীয়ে আৰম্ভ কৰিছে৷ ইয়াৰ উদ্দেশ্য হৈছে ক’ভিড ভেকচিন ল’বলৈ জনসাধাৰণক উৎসাহ আৰু সাহস যোগোৱা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here