শীতত শৰীৰটো গৰম কৰি ৰাখিবলৈ খাওক এইবোৰ || Take these to keep your body warm during winter

0
266
শীতৰ বতৰত ঠাণ্ডাৰ সৈতে মোকাবিলা কৰিবৰ বাবে আমি যিদৰে গৰম কাপোৰ পিন্ধো, ঠিক একেদৰে শৰীৰটোক ভিতৰৰ পৰা গৰম কৰি ৰাখিবলৈ খাদ্য তালিকাৰো কিছু পৰিৱৰ্তন কৰা প্ৰয়োজন৷ সেয়েহে আজি আমি কথা পাতিম এনে কিছুমান খাদ্য বা পানীয়ৰ বিষয়ে, যাৰ সেৱনে শীতত আপোনাক গৰম কৰি ৰখাৰ লগতে বিভিন্ন বেমাৰৰ পৰাও দূৰত ৰাখিব৷

(১) তাৰ ভিতৰৰ এবিধ হ’ল চাহ৷ শীতৰ বতৰত ঘনাই গৰম চাহ খোৱাটো সকলোৰে অভ্যাস৷ কিন্তু আমি যদি চাহকাপ আদা, জালুক, তুলসী দিয়া চাহ কৰি খাওঁ, তেন্তে ইয়াৰ পৰা অধিক সুফল লাভ কৰিব পাৰি৷

Weight loss: How to make Tulsi tea for weight loss - Times of India


(২) শীতত খেজুৰ আৰু গৰম গাখীৰ একেলগে খালে শৰীৰ গৰম হৈ থাকে৷ বৃদ্ধ লোকসকলৰ বাবে ই অতি উত্তম৷

जाने भीगे हुए खजूर का दूध पीने के फायदों के बारे में | Know about the benefits of drinking milk of soaked dates


(৩) খেজুৰৰ পৰিৱৰ্তে আপুনি গুৰো খাব পাৰে৷ গুৰ গৰম খাদ্য৷ সেয়েহে শীতত হ’ব পৰা কাহ-চৰ্দি আদি দূৰত ৰাখিব পাৰে গুৰে৷

Make a gur choice: Jaggery is the superfood of the season - Hindustan Times


(৪) হালধিযুক্ত গাখীৰেও শৰীৰটো গৰম কৰি ৰখাত অৰিহণা যোগায়৷

Golden Milk (Masala Haldi Doodh) - Cook With Manali


(৫) লগতে শীতত আপুনি বিভিন্ন ধৰণৰ পাচলিৰে তৈয়াৰী চুপ খায়ো শীতৰ প্ৰকোপৰ পৰা বাচিব পাৰে৷

Vegetable soup recipe - Swasthi's Recipes

LEAVE A REPLY

Please enter your comment!
Please enter your name here