কঁঠাল অকল সুমিষ্টই নহয় আছে ইয়াৰ বহু উপকাৰিতা

0
569

গৰমকালি পোৱা আম, জাম, লিচু আদি ফলবোৰৰ ভিতৰত কঁঠালো অন্যতম৷ সাধাৰণতে বাৰী, জংঘল আদি পোৱা গছডালৰ ফল অসংখ্য পোৱা যায়৷ অতি সোৱাদযুক্ত, মিঠা কঁঠাল সকলোৰে প্ৰিয় এবিধ ফল৷ কঁঠালক কোঁহৰ লগতে ইয়াৰ গুটি অতি সোৱাদযুক্ত আৰু আমাৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী৷ কঁঠালত প্ৰচুৰ পৰিমাণে ভিটামিন-এ, ভিটামিন-চি, মেগনেচিয়াম, পটাচিয়াম, কপাৰ, মেংগানিজ, এণ্টিঅক্সিডেণ্টৰ দৰে উপকাৰী উপাদান পোৱা যায়, যিয়ে স্বাস্থ্যৰক্ষাৰ বাবে অতি উপকাৰী৷ কেঁচা বা পকা দুইধৰণে কঁঠাল খোৱা হয়৷ কঁঠালৰ সামান্য পৰিমাণে শৰ্কৰাৰ মাত্ৰা থাকিলেও একেবাৰে ক্ষতিকাৰক আন উপাদান নাথাকে৷ ছালৰ সুৰক্ষাৰ বাবে কঁঠালৰ গুটি অত্যন্ত জৰকাৰী৷ ছাল আৰু চুলিৰ যত্নৰ বাবে কঁঠাল লাগতিয়াল ফল৷ মুখত বলিৰেখা পৰা  পৰিত্ৰাণ পাবলৈ কঁঠালৰ গুটি খালে সুফল পোৱা যায়৷ কঁঠাল ফাইটোনিউট্ৰিয়েণ্টছ আলচাৰ, কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগ নিৰাময়ৰ বাবে খুব উপকাৰী৷ কঠালত থকা এণ্টিঅক্সিডেণ্টে দেহক ক্ষতিকাৰক ফ্ৰি ৰেডিকেলৰ পৰা ৰক্ষা কৰে৷ ইয়াৰ লগতে চৰ্দি, কাহ আদিৰ সংক্ৰমণৰ পৰা কঁঠালে শৰীৰটোক সুৰক্ষা দিয়ে৷ কঁঠালত প্ৰচুৰ পৰিমাণে ভিটামিন-ও পোৱা যায়, যিয়ে কুকুৰীকণা ৰোগ নিৰাময় কৰে৷ কঁঠাল ফাইবাৰযুক্ত হোৱা হেতুকে কোষ্ঠকাঠিন্য দূৰ কৰি হজম শক্তি উন্নত কৰে৷ তদুপৰি ইয়াৰ চৰ্বি বা ফেট কম থাকে বাবে শৰীৰৰ ওজন হ্ৰাস কৰা সহায় কৰে৷ কঁঠালত থকা মেগনেচিয়াম, কেলচিয়াম, খনিজ লৱণ আদি পোৱা যায়, যিয়ে হাড় মজবুত আৰু শক্তিশালী কৰাত সহায় কৰে৷ সন্তান জন্ম দিয়াৰ পাছত দুগ্ধ প্ৰদানকাৰী মাতৃয়ে কঁঠাল খালে গাখীৰৰ পৰিমাণ বাঢ়ে৷  কঁঠালত খনিজ উাপাদন আইৰন থাকে, যিয়ে ৰক্তহীনতা দূৰ কৰি শৰীৰৰ তেজৰ অভাৱ পূৰ কৰে৷ টেনশ্যন আৰু নাৰ্ভাছ হোৱা সমস্যা নিৰাময়ৰ বাবে কঁঠাল বেছ কাৰ্যকৰী ফল৷ কঁঠালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰি বিভিন্ন ৰোগৰ পৰা শৰীৰটোৰ সুৰক্ষা দিয়ে৷ কঁঠাল শক্তি প্ৰদানকাৰী এবিধ ফল, যিয়ে শৰীৰটোক সুস্থ-সবল কৰি ৰখাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here