আই ভি এফ বিভাগৰ প্ৰথম বাৰ্ষিকী পালন : ক’ত ?

0
1059

গুৱাহাটীৰ মালিগাঁওস্থিত সঞ্জীৱনী চিকিৎসালয়ে যোৱা এবছৰত জ্যেষ্ঠ বন্ধ্যাত্ব পৰামৰ্শদাতা ডাঃ আশিস¸ ধিৰাচাৰিয়াৰ তত্ত্বাৱধানত তেওঁলোকৰ আই ভিএফ বিভাগত ব্যাপক সফলতা লাভ কৰিছে৷ সঞ্জীৱনী আই ভি এফৰ প্ৰথম বাৰ্ষিকী উপলক্ষে বহুতো সফল ৰোগীয়ে তেওঁলোকৰ জনকত্বৰ সপোন বাস্তৱত পৰিণত কৰাৰ বাবে ডাঃ আশিস ধিৰাচাৰিয়াক শুভেচ্ছা আৰু ধন্যবাদ জনাবলৈ চিকিৎসালয়ত উপস্থিত হয়৷ অনুষ্ঠানটোত ডাঃ ধিৰাচাৰিয়াই কয় যে সঞ্জীৱনী চিকিৎসালয়ৰ আই ভি এফ বিভাগৰ সফলতাৰ হাৰত মই সঁচাকৈয়ে আনন্দিত৷ 
বহুতো দম্পতীয়ে একাধিকবাৰ চিকিৎসা বিফলতাৰ পাছতো বৰ্তমান জনকত্বৰ সুখ উপভোগ কৰি আছে৷ আমি আমাৰ ৰোগীসকলৰ বাবে কম খৰচত সৰ্বশ্ৰেষ্ঠ মানৰ চিকিৎসা প্ৰদান কৰোঁ আৰু আমাৰ সফলতাৰ হাৰে আমি বহুতো পৰিয়ালক সুখ প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ বুলি স্বীকৃতি দিছে৷ ২৫ জুলাইৰ দিনটো বিশ্ব আই ভি এফ দিৱস হিচাপে পালন কৰা হয়, আমি সুখী যে আমি অনুষ্ঠানটোৰ প্ৰতি ন্যায্যতা প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ আৰু প্ৰতিবছৰে কৰি যাম, ডাঃ আশিসে লগতে কয়৷ সঞ্জীৱনী চিকিৎসালয়ে সমগ্ৰ উত্তৰ-পূব ভাৰতত আই ভি এফ ৰোগীৰ চিকিৎসা প্ৰদান কৰাৰ লগতে হংকং, বাংলাদেশ আৰু পশ্চিম আফ্ৰিকাৰ কিছুসংখ্যক আন্তঃৰাষ্ট্ৰীয় ৰোগীকো সেৱা আগবঢ়াইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here