সাৱধান ! বানপানীৰ পাছতে ৰাজ্যত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ

0
266

অসমত ক’ভিড, জাপানীজ এনকেফেলাইটিছৰ সমানে এইবাৰ ছোৱাইন ফ্লুৱে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে৷ এই ৰোগত ইতিমধ্যে ছজনকৈ লোকে অসমৰ বিভিন্ন প্ৰান্তত মৃত্যুমুখত পৰাৰ তথ্য প্ৰকাশ পোৱাৰ পাছতে স্বাস্থ্য বিভাগে ব্যাপক সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে৷ আনহাতে ৰাজ্যত ক’ভিডৰ সংক্ৰমণো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ 
সমান্তৰালভাৱে জাপানীজ এনকেফেলাইটিছ ৰোগেও মাৰাত্মক ৰূপ ধাৰণ কৰিছে৷ উল্লেখ্য যে ৰাজ্যত যোৱা প্ৰায় এটা মাহ বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাছত সম্প্ৰতি বান পৰিস্থিতি উন্নত হ’বলৈ ধৰাৰ পছাত প্ৰান্তে প্ৰান্তে ছোৱাইন ফ্লুৰ সংক্ৰমণ পোহৰলৈ আহিছে৷ ভয়াৱহ ৰূপ ধাৰণ কৰা এই ৰোগত আক্ৰান্ত হৈ এইপৰ্যন্ত বহু লোক চিকিৎসাধীন হোৱাৰ তথ্যও পোৱা গৈছে৷ 
ৰাজ্যৰ ৰাজধানী গুৱাহাটীতো ছোৱাইন ফ্লুত একাধিক লোক আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে৷ ইফালে যোৰহাট আৰু গোলাঘাট জিলাত এই ৰোগ সৰ্বাধিক সংক্ৰমণ হৈছে৷ লখিমপুৰ, ধেমাজি, দৰং, গুৱাহাটীকে ধৰি বহুকেইখন জিলাত এইপৰ্যন্ত শতাধিক লোক জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে৷ 
কেইবাখনো জিলাত এইপৰ্যন্ত প্ৰায় ১০জন লোক জাপানীজ এনকেফেলাইটিছ ৰোগত মৃত্যুমুখত পৰিছে৷ আনহাতে ৰাজ্যত পুনৰ ক’ভিডৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ দেশত ইতিমধ্যে ক’ভিডৰ চতুৰ্থটো ঢৌ আৰম্ভ হোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে৷ দেশৰ অন্য বহুকেইখন ৰাজ্যৰ লগতে অসমতো ক’ভিডে উদ্বেগজনক ৰূপ ধাৰণ কৰিছে৷ 
অসমত ক’ভিডৰ সংক্ৰমণৰ হাৰ ১২.৪০ শতাংশলৈ বৃদ্ধি পাইছে৷ উল্লেখ্য যে যোৱা ১০ দিনত ৰাজ্যত এহেজাৰতকৈ অধিক লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ কেৱল কামৰূপ মহানগৰ জিলাখতে যোৱা ১০ দিনত ৭৪৮ জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ইফালে ক’ভিড মাৰাত্মক হৈ পৰাৰ সম্ভাৱনা যথেষ্ট অধিক বুলি প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগেৰ বিশেষজ্ঞই৷ কভিডৰ সৈতে যুঁজ দিবলৈ চৰকাৰ আৰু স্বাস্থ্য বিভাগ সষ্টম হৈ থকা বুলি ইতিমধ্যে ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here