তুলসী পাতৰ কেইটামান আচৰিত গুণাগুণ

0
939
তুলসী অৰ্থাৎ যাৰ তুলনা নাই৷ যি তীৰ্থৰ দৰে পৱিত্ৰ৷ হিন্দুশাস্ত্ৰৰ মতে তুলসীক হাতেৰে স্পৰ্শ কৰিলেও হেনো পাপ নষ্ট হয়৷ গতিকে এনে এবিধ পৱিত্ৰ গছৰ পুলি নিজৰ ঘৰত থকাটো কম পুণ্যৰ কথানে? এতিয়া আচল কথাটোলৈ আহিছোঁ৷ সৰুৰে পৰা আমি প্ৰায়ভাগে কাহ-চৰ্দি হ’লে মৌৰ লগত তুলসী পাতৰ ৰস খাই পাইছোঁ৷ কিন্তু এই কাহ-চৰ্দিৰ উপৰি তুলসীৰ পাত আৰু কি কি কামত উপকাৰী আপুনি জানেনে?

[১] তুলসী পাতৰ ৰসত সম পৰিমাণৰ কেঁচা হালধিৰ ৰস মিহলি কৰি নিয়মীয়াকৈ খালে উচ্ছ ৰক্তচাপ ভাল হয়৷
[২] তুলসী পাতৰ ৰস গৰম কৰি খালে কৃমি মৰে৷
[৩] তুলসী পাতৰ ৰস আৰু পাণৰ ৰস মিহলি কৰি শিশুক খুৱালে পেট ফুলা ৰোগ আৰোগ্য হয়৷
[8] তুলসীৰ গুটি পিহি তাত চেনি মিহলাই খালে প্ৰস্ৰাৱৰ জ্বলা-পোৰা নাইকিয়া হয়৷
[৫] তুলসীৰ শুকান পাত বটি মলমৰ দৰে ব্যৱহাৰ কৰিলে শালমইনা ভাল হয়৷

7 Wondrous Tulsi Face Pack Benefits For Skin


[৬] ৰাতিপুৱা কেইটামান তুলসী পাত চোবাই খালে মুখৰ দুৰ্গন্ধ নাইকিয়া হয়৷
[৭] এমুঠি তুলসীৰ পাত আৰু সমান পৰিমাণৰ পিপ্‌লিৰ কুমলীয়া পাত পিহি মূৰত সানিলে চুলি সৰা বন্ধ হয়৷
[৮] দূবৰিবনৰ ৰসৰ লগত তুলসীৰ ৰস মিহলি কৰি গাত ঘঁহিলে ঘামচি নাইকিয়া হয়৷

Vastu tips for placing tulsi plant at home | Housing News


[৯] পানী পৰিষ্কাৰ কৰিবৰ কাৰণে পানীত তুলসীৰ পাত ২০ মিনিটমান পেলাই থ’ব লাগে৷
[১০] গোলনেমুৰ ৰসৰ সৈতে ক’লীয়া তুলসীৰ ৰস মুখমণ্ডল আৰু অন্য স্থানত সানিলে সৌন্দৰ্যতা বৃদ্ধি হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here