এতিয়া আকৌ ‘হাৱানা’ৰ পৰা সাৱধান ! ভাৰতত নতুন ৰোগৰ উপস্থিতি (New disease Havana stalks India!)

0
591
কৰ’না মহামাৰীৰ সংক্ৰমণ মাৰ নৌযাওঁতেই ভাৰতত এইবাৰ আন এবিধ নতুন ৰোগৰ উপস্থিতিয়ে সমগ্ৰ দেশবাসীক আতংকিত কৰি তুলিছে৷ এইবাৰৰ নতুন ৰোগবিধৰ নাম হৈছে হাৱানা ৷ CIA-ৰ এজন বিষয়াৰ দেহত এই মাহৰ আৰম্ভণিতে এই নতুন ৰোগ হাৱানাৰ উপস্থিতি ধৰা পাৰে ৷ জানিব পৰা মতে, আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ এজনৰ শৰীৰত ৰোগবিধৰ লক্ষণ দেখা গৈছিল৷ এইজন চোৰাংচোৱা বিষয়াই CIA-ৰ সঞ্চালক উইলিয়াম বাৰ্নছৰ সৈতে চলিত মাহত ভাৰত ভ্ৰমণলৈ আহিছিল৷ ভাৰতৰ পৰা ঘূৰি গৈয়ে বিষয়াজনৰ চিকিৎসা আৰম্ভ কৰিবলগীয়া হয় আৰু তেওঁৰ শৰীৰত এই হাৱানা ৰোগবিধৰ উপস্থিতি ধৰা পাৰে৷ এই ৰোগৰ লক্ষণসমূহ হৈছে প্ৰচণ্ড মূৰৰ বিষ, কাণ তাল মৰা গুমগুমনি, স্মৃতি বিভ্ৰম আদি৷ উল্লেখ্য যে ২০১৬ চনত কিউবাৰ ৰাজধানী হাৱানা,এই ৰোগবিধত আক্ৰান্ত হোৱাৰ কথা প্ৰথম পোহৰলৈ আহে৷ সেয়ে হাৱানাত প্ৰথম উৎপত্তি হোৱা বাবে ইয়াৰ নাম অনুসৰি ৰোগবিধৰ নাম 'হাৱানা' ৰখা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here