প্ৰকৃতি সংৰক্ষণৰ বাবে বিশ্বৰ নেতৃবৰ্গই কি অংগীকাৰ ল’লে ? What pledge have world leaders taken to conserve Nature?

0
1165
প্ৰকৃতিক সুৰক্ষা দিবলৈ ৯ টা সংগঠনে অহা ১০ বছৰত ৫ বিলিয়ন মাৰ্কিন ডলাৰ আগবঢ়াবলৈ অংগীকাৰ কৰিছে৷ থলুৱা বা খিলঞ্জীয়া লোকসকল, স্থানীয় সম্প্ৰদায়সমূহ, নাগৰিক সমাজ আৰু চৰকাৰসমূহৰ সৈতে একেলগে তেওঁলোকে কাম কৰিব আৰু মাটি, অভ্যন্তৰীণ জল আৰু সাগৰৰ সংৰক্ষিত (প্ৰটেক্টেড এণ্ড কনজাৰ্ভড) অঞ্চল সৃষ্টি, সম্প্ৰসাৰণ, ব্যৱস্থাপনা আৰু নিৰীক্ষণৰ ব্যৱস্থাক সমৰ্থন জনাবলৈ তেওঁলোকে এই বৰঙনি আগবঢ়াব৷ ৰাষ্ট্ৰসংঘই এই কথা কয়৷ ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীয়ে (UNDP) কয় যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা ‘Nature for Life Hub’ৰ উদ্বোধনী অধিৱেশনত প্ৰকৃতিৰ সুৰক্ষা আৰু পুনৰুদ্ধাৰৰ বাবে ৰাষ্ট্ৰ মুৰববী, দাতা নেতাসকলক আৰু খিলঞ্জীয়া প্ৰতিনিধিসকল একেলগ হয় আৰু এই অভূতপূৰ্ব প্ৰতিশ্ৰুতি ঘোষণা কৰে৷ ‘Transformative Action For Nature & People’ শীৰ্ষক উচ্চ পৰ্যায়ৰ আলোচনাত ২২জন ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী, খিলঞ্জীয়া সম্প্ৰদায়সমূহৰ নেতাসকল আৰু বিত্ত, দাতব্য সংস্থা, নাগৰিক সমাজৰ নেতাসকলে অংশগ্ৰহণ কৰে আৰু প্ৰকৃতি, জলবায়ু আৰু জনসাধাৰণৰ বাবে উল্লেখযোগ্য কাৰ্যব্যৱস্থালৈ সমৰ্থন আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here