জিম অথবা ব্যায়াম কৰি উঠি কেনেধৰণৰ খাদ্য খাব ? What type of food is good after physical exercises?

0
723
আপুনি যদি দৈনিক শৰীৰচৰ্চা কৰে, তেন্তে ব্যায়ামৰ পাছত কেনেধৰণৰ খাদ্য খোৱা উচিত বা ব্যায়ামৰ পাছত ভোজন কৰাৰ প্ৰয়োজনীয়তা কি এই সম্পৰ্কে বহুতো প্ৰশ্ন আপোনাৰ মনলৈ নিশ্চয় আহে৷ হয়, শৰীৰচৰ্চা কৰি উঠাৰ পাছত ভোজনৰ যথেষ্ট প্ৰয়োজনীয়তা আছে৷ ব্যায়ামৰ পাছত গ্ৰহণ কৰা খাদ্যই শৰীৰটোক ৰি-হাইড্ৰেট তথা ৰি-ফিউল কৰাত অৰিহণা যোগায়৷ ব্যায়ামৰ সময়ত আপোনাৰ শৰীৰটোৱে মাংসপেশীৰ পৰা মজুত শক্তি ব্যৱহাৰ কৰে৷ সেয়েহে শৰীৰটোক পুনৰ শক্তি প্ৰদান কৰাৰ বাবে উপযুক্ত উপাদান যেনে কাৰ্বহাইড্ৰেট, প্ৰ’টিন, ফাইবাৰ তথা পানীয় পদাৰ্থৰ প্ৰয়োজন হয়৷ পিছে কথা হ’ল কেনেধৰণৰ খাদ্যৰ যোগেদি আপুনি এই প্ৰয়োজনীয় উপাদানসমূহ লাভ কৰিব?

(১) ব্যায়ামৰ পাছত আপুনি কণী আৰু ব্ৰেড খাব পাৰে৷ ব্ৰেডত কাৰ্বহাইড্ৰেট থাকে লগতে কণীত প্ৰচুৰ পৰিমাণে প্ৰ’টিন পোৱা যায়, যিয়ে শৰীৰটোক এমিন’ এচিড প্ৰদান কৰে৷

Avocado-Egg Toast Recipe | EatingWell


(২) দৈত প্ৰচুৰ পৰিমাণে প্ৰ’টিন পোৱা যায়৷ গৱেষণা কৰি পোৱা গৈছে যে ব্যায়ামৰ পাছত দৈৰ লগত ফল মিশ্ৰণ কৰি খালে শৰীৰচৰ্চা কৰাৰ সময়ত উখহি উঠা মাংসপেশীসমূহৰ বিষ নিৰাময় হয়৷

Recipe of Homemade Fruits Raita with curd and milkmaid - cookandrecipe.com


(৩) ব্যায়াম কৰাৰ পাছত ওটছ আৰু গাখীৰ একেলগে খালে শৰীৰটোৱে প্ৰয়োজনীয় প্ৰ’টিন আৰু কাৰ্বহাইড্ৰেট লাভ কৰে৷

No Milk Oats Porridge For Babies - Eateries Delightful
+


(8) শৰীৰচৰ্চা কৰি উঠি বইল চিকেন পাচলিৰ চালাডৰ সৈতে খালে সুফল পোৱা যায়৷

Poached Chicken Recipe: How to Make It | Taste of Home


(৫) শৰীৰচৰ্চা কৰাৰ সময়ত দেহৰ পৰা নিষ্কাশন হোৱা পানীৰ অভাৱ পূৰণ কৰিবলৈ পুনৰ পানী অথবা অন্য পানীয় খোৱা উচিত৷ আপুনি যদি আধা ঘণ্টা ব্যায়াম কৰে, তেন্তে অকল পানী খালেও যথেষ্ট৷ কিন্তু আপুনি যদি বহু সময় ধৰি শৰীৰচৰ্চা কৰি আছে, তেন্তে আপোনাক ইলেক্‌ট্ৰলাইটছৰ প্ৰয়োজন হয়, যিটো নাৰিকলৰ পানীত পোৱা যায়৷

Free Photo | Man and woman drinking coconut water after yoga


(৬) শৰীৰচৰ্চাৰ পাছত আপুনি আপেলৰ লগত পিনাট বাটাৰ খাব পাৰে৷ কিয়নো পিনাট বাটাৰত প্ৰচুৰ পৰিমাণে প্ৰ’টিন পোৱা যায়৷ সেয়েহে যিকোনো ফলৰ লগত ইয়াক খোৱাটো Post workout snack হিচাপে উত্তম৷

Apple Wedges & Peanut Butter Recipe | EatingWell

LEAVE A REPLY

Please enter your comment!
Please enter your name here