এণ্টাৰ্কটিকাৰ পানীত বেলেগ গ্ৰহৰ প্ৰাণী ! গৱেষণাত পালে আচল তথ্য

0
186


এণ্টাৰ্কটিকাৰ পানীত বেলেগ প্ৰজাতিৰ প্ৰাণী প্ৰত্যক্ষ কৰে আৰু এই প্ৰাণীবিধ বেলেগ গ্ৰহৰ বুসি সন্দেহ প্ৰকাশ কৰে প্ৰত্যক্ষদৰ্শীয়ে৷ অৱশ্যে গৱেষণাৰ অধ্যয়নৰ পাছতহে আচল কথাটো পোহৰলৈ আহে৷ দৰাচলতে ই অন্য গ্ৰহৰ প্ৰাণী হয়নে নহয়৷ কল্পবিজ্ঞানৰ ছবিত বৰ্ণিত প্ৰাণীটো দেখাত বেলেগ গ্ৰহৰ যানৰ দৰে, গাত কাঁইটৰ লেখীয়া দীঘল দীঘল ফিতাৰে আবৃত্ত৷ আচলতে সমু¸দ্ৰৰ গভীৰতাত ভয়াল, দৈত্যকায় জেলিফিটৰ আৱিৰ্ভাৱ হৈছিল৷ প্ৰথম দৰ্শনতে বেলেগ গ্ৰহৰ প্ৰাণী বুলি ভ্ৰম হৈছিল৷ গৱেষণাৰ পাছতে ইয়াৰ আচল ৰহস্য উদঘাটন হয়৷ পোলাৰ ৰিছাৰ্চ জাৰ্নালত এই দৈত্যকায় জেলিফিচৰ বিৱৰণ প্ৰকাশিত হৈছে৷ ক্ৰুজৰ যাত্ৰীয়ে এণ্টাৰ্কটিকাৰ উপকূলৰ ওচৰত প্ৰথমে এই জেলিফিটটো প্ৰত্যক্ষ কৰে৷ ভয়াল আৰু দৈত্যকায় চেহেৰাৰ এই জেলিফিচ গভীৰ সমুদ্ৰৰ অন্যতম মেৰুদণ্ডহীন চিকাৰী প্ৰাণী৷ ২০২২ চনত প্ৰথমবাৰৰ বাবে পানীৰ উপৰিভাগত এই প্ৰাণীবিধক দেখা পোৱা গৈছিল৷ গৱেষণাৰ পৰা জনা মতে এই জেলিফিচ ১৬ ফুটতকৈও বেছি দীঘল হয়৷ মূৰৰ অংশ দেখিবলৈ আন গ্ৰহৰ যানৰ দৰে, শৰীৰৰ বাকী অংশ ফিতাৰ দৰে দীঘল৷ এই ফিতাবোৰৰ দীঘল ৩৩ ফুটৰ ওচৰা-উচৰি৷ একমাত্ৰ উত্তৰ মেৰুৰ বাহিৰে পৃথিৱীৰ সকলো সাগৰ-মহাসাগৰত এই ভয়লগা দৈত্যকায় প্ৰাণীবিধ পোৱা যায়৷ সাধাৰণতে সাগৰৰ তিনি হাজাৰ ২৮০ ফুট গভীৰত এই প্ৰাণীবিধে বাস কৰে৷ যদিও কেতিয়াবা ইয়াক সাগৰৰ উপৰিভাগতো দেখা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here