২০৩০-ৰ ভিতৰত ৩৯ শতাংশ ঘৰুৱা কাম কৰিব ৰবটে !

0
436

তথ্য আৰু প্ৰযুক্তিৰ জগতখনত ক্ষিপ্ৰ গতিত পৰিৱৰ্তন হ’বলৈ ধৰিছে৷ এতিয়া কৃত্ৰিম বুদ্ধিমত্তাই এই গতি আৰু অধিক ক্ষিপ্ৰ কৰিছে৷ হয়তো অহা দশকৰ ভিতৰত বিশ্বলৈ ইমানেই পৰিৱৰ্তন আহিব পাৰে, যিয়ো কল্পনাৰো অগোচৰ৷ ব্ৰিটেইন আৰু জাপানৰ কৃত্ৰিম বুদ্ধিমত্তা বিষয়ক ৬৫ জন বিশেষজ্ঞই এইবুলি  মত প্ৰকাশ কৰিছে যে  চলিত দশকৰ শেষৰফালে দোকানসমূহ মানুহৰ প্ৰয়োজন নহ’ব৷ দোকান, শ্বপিং মল আদিত হিচাপ-নিকাচ কৰাকে ধৰি চাফ-চিকুণ তথা সামগ্ৰীসমূহ যথাস্থান ৰখালৈকে সকলো কাম ৰবটে কৰিব৷ ইয়াৰ ফলত বজাৰ-সমাৰ কৰোতে হোৱা ব্যয় ৬০ শতাংশ  পৰ্যন্ত হ্ৰাস পাব৷ বিশেষজ্ঞসকলৰ মতে আনকি ঘৰ সৰা, চাফ-চিকুণ কৰা, ৰন্ধা-বঢ়া, বাচন ধোৱা আদি কৰাকে ধৰি মানুহৰ ঘৰুৱা কামৰ ৩৯ শতাংশ কাম ৰবটে কৰিব৷ অক্সফ’ৰ্ডৰ এগৰাকী বিশেষজ্ঞই কয় যে ৰবট তথা কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰা সঁজুলিসমূহে সকলো কথা ৰেকৰ্ড কৰি ৰাখে৷ কথা-বতৰাৰ পৰা আৰম্ভ কৰি গতি-বিধিলৈ সকলোৱে সঁজুলিৰ নজৰত থাকে৷ আনহাতে কৃত্ৰিম বুদ্ধিমত্তাৰ সঁজুলিসমূহ দিনকদিনে অধিক স্মাৰ্ট হ’বলৈ ধৰিছে আৰু মানুহৰ ব্যক্তিগত গোপনীয়তাৰ প্ৰতি ভাবুকিৰ সন্মুখীন হৈছে৷ অৱশ্যে কৃত্ৰিম বুদ্ধিমত্তা প্ৰযু্‌ক্তি কৌশল তথা ৰবটে ইমান কাম কৰিব পৰা হোৱা সত্ত্বেও সকলোৰে বাবে ই সুলভ নহ’ব৷ নিচেই কমসংখ্যক লোকেহে ইয়াক ব্যৱহাৰ কৰিব পাৰিব

LEAVE A REPLY

Please enter your comment!
Please enter your name here