নতুন অধ্যয়ন : বায়ু প্ৰদূষণে সৃষ্টি কৰিছে হাড়ৰ সমস্যা

0
181


গৱেষকসকলে শেহতীয়াকৈ কৰা এটা নতুন অধ্যয়নৰ পৰা মানুহৰ শৰীৰ সম্পৰ্কে কিছুমান ভয়াৱহ তথ্য লাভ কৰিছে৷ গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি মানুহে যিমানে বায়ু প্ৰদূষিত হোৱা অঞ্চলত থাকিব, সিমানেই হাড় দুৰ্বল আৰু ঠুনুকা হৈ পৰিব৷ যাৰ বাবে সামা্যন্য আঘাততে হাড় ভাঙিব পাৰে৷ আনহাতে বয়স বঢ়াৰ লগে লগে অষ্টিঅ’পৰোছিছৰ দৰে হাড়ৰ বিকাৰ বৃদ্ধি পাবলৈ ধৰে৷ বিশেষকৈ ৰজোনিবৃত্তি হোৱা মহিলাৰ ক্ষেত্ৰত এই আশংকা যথেষ্ট বৃদ্ধি পায়৷ গৱেষকসকলে বিগত ছটা বছৰত ৯০৪১ গৰাকী মহিলাৰ তথ্য সংগ্ৰহ কৰিছিল৷ তথ্য সংগ্ৰহ কৰা এই সকলো মহিলা ৰজোনিবৃত্তি হোৱা আছিল৷ এই অধ্যয়নটোত গৱেষকসকলে মহিলাসকলৰ হাড়ত থকা খনিজৰ ঘনত্ব অধ্যয়ন কৰিছিল৷ তেওঁলোকে এই মহিলাসকলৰ ঘৰৰ আশে-পাশে নাইট্ৰিক অক্সাইড, নাইট্ৰজেন ডাই অক্সাইড আৰু পিএম১০ ৰ মাত্ৰাৰ বিষয়ে অধ্যয়ন কৰিছিল৷ এক কথাত মহিসাসকলৰ স্বাস্থ্যৰ সঠিক তথ্য লাভৰ বাবে চেষ্টা কৰিছিল৷ ইয়াৰ পৰা দেখা গ’ল যে বিষাক্ত গেছ আৰু প্ৰদূষণৰ মাত্ৰা অধিক হোৱা অঞ্চলবোৰৰ মহিলাসকলৰ হাড় অধিক দুৰ্বল আৰু ঠুনুকা আছিল৷ বিশেষকৈ ডিঙি, ৰাজহাড় আৰু কঁকালৰ হাড় অধিক দুৰ্বল হৈ পৰিছিল৷ নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ বায়’মেডিকেল বিভাগৰ বিজ্ঞানী ডিডিয়েৰ প্ৰাডাই কয় যে যিকোনো মানুহৰ হাড় শক্তিশালী হোৱাটোত খাদ্যৰ ওপৰত নিৰ্ভৰ নকৰে৷ ইয়াত বতৰ, প্ৰদূষণ আদিয়েও ব্যাপক প্ৰভাৱ পেলায়৷ তেওঁৰ মতে বায়ু প্ৰদূষণৰ মাত্ৰা অধিক হোৱা নগৰ-মহানগৰবোৰৰ লোকসকলৰ হাড় দিনক দিনে দুৰ্বল হোৱাৰ লগতে হাড় ভঙাৰ আশংকাও বৃদ্ধি পায়৷ প্ৰাডাই চলোৱা অধ্যয়নটোৰ মতে জানিব পৰা গৈছে যে নাইট্ৰজেন থকা প্ৰদূষণকাৰী দ্ৰব্যৰ প্ৰত্যক্ষ প্ৰভাৱ ৰাজহাড়ত পৰে৷ আনহাতে বায়ু প্ৰদূষণৰ ফত হাড়ৰ কোষ মৰি যাবলৈ ধৰে আৰু অক্সিডেটিভ ষ্টে˜চৰ সৃষ্টি হয়৷ আৰু ইয়াৰ ফলত হাড়ত বিষাক্ত দ্ৰব্য প্ৰৱেশ কৰে৷ প্ৰথমবাৰৰ বাবে গৱেষকৰ দলটোৱে নাইট্ৰজেন অক্সাইডৰ বাবে হাড়ৰ ক্ষতি হোৱাৰ তথ্য লাভ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here