মাছৰ জীৱন বচোৱাৰ চেষ্টা ! পানীত কৃত্ৰিমভাৱে অক্সিজেনৰ যোগান

0
66


অষ্ট্ৰেলিয়াৰ ডাৰ্লিং নদীত মাছৰ জীৱন ৰক্ষাৰ বাবে এক অভিনৱ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ উল্লেখ্য যে যোৱা বছৰ এই নদীখনত হাজাৰ হাজাৰ মাছৰ মৃত্যু হৈছিল৷ এই ঘটনাই সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছিল৷ নদীখনত মাছ মৰাৰ ঘটনাক লৈ বিজ্ঞানীসকলকে ধৰি সকলোৱে উদ্বেগ প্ৰকাশ কৰিছিল৷ পাছত জানিব পৰা গ’ল যে নদীখনৰ পানীত অক্সিজেনৰ মাত্ৰা কমি যোৱাত মাছবোৰে উশাহ-নিশাহ ল’ব নোৱাৰি মৃত্যুমুখত পৰিছিল৷ এইবাৰ যাতে তেনে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ বিজ্ঞানীসকলৰ এটা দলে পাইপেৰে নদীখনৰ পানীত অক্সিজেনৰ যোগান ধৰিছে৷ এই ব্যৱস্থাটো চিকিৎসালয়ত ৰোগীক অক্সিজেন দিয়াৰ নিচিনা৷ পৰীক্ষামূলকভাৱে পাম্পৰ জৰিয়তে নদীখনৰ পানীত অক্সিজেন দি থকা হৈছে৷ অষ্ট্ৰেলিয়াৰ নিউ ছাউথ ৱেল্‌ছৰ জল মন্ত্ৰীজনে প্ৰকাশ কৰা অনুসৰি বৰ্তমান এই প্ৰচেষ্টা পৰীক্ষামূলকভাৱে চলোৱা হৈছে আৰু ইয়াৰ যোগেদি নদীখনৰ পানীত অক্সিজেনৰ মাত্ৰা বৃদ্ধি পাব পাৰে, এই বিষয়ে সঠিকভাৱে জনাৰ বাবে কেইবামাহো লাগিব৷ অৱশ্যে বিজ্ঞানীসকলে এই প্ৰণালীটোৱে সুফল দিব বুলি আশা প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here