এইম্‌ছৰ সঞ্চালকে কি ঘোষণা কৰিলে?

0
1598

ভাৰতত চলিত মাহৰ শেষত অথবা জানুৱাৰী মাহত কৰ’নাৰ ভেকচিনৰ জৰুৰী ব্যৱহাৰৰ অনুমতি দিয়া সম্ভাৱনা আছে৷ এই কথা প্ৰকাশ কৰে দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই৷ উল্লেখ্য যে ভাৰতত কৰ’না ভাইৰাছৰ ছটা ভেকচিনৰ কাম চলি আছে৷ ইয়াৰ ভিতৰত অক্সফ’ৰ্ড-এষ্ট্ৰ’জেনেকা আৰু ভাৰত বায়’টেক ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা চলি আছে৷ ডাঃ গুলেৰিয়াই জনোৱা মতে, তৃতীয় পৰ্যায়ৰ পৰীক্ষা চলি থকা যিকোনো এটা ভেকচিনে অনুমোদন লাভ কৰিব পাৰে৷ তেওঁ কয়, ‘ডিচেম্বৰৰ শেষৰফালে অথবা জানুৱাৰীৰ প্ৰাৰম্ভতে ভেকচিনৰ জৰুৰী ব্যৱহাৰৰ অনুমতি দিয়াৰ সম্ভাৱনা আছে৷’ তেওঁ লগতে কয় যে ভেকচিনত অনুমোদন জনোৱাৰ পাছত দেশত টিকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব৷ মন কৰিবলগীয়া যে অক্সফ’ৰ্ডৰ ভেকচিনৰ সমগ্ৰ বিশ্বতে তৃতীয় পৰ্যায়ৰ পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু ইয়াৰ ফলো প্ৰকাশ কৰা হৈছে৷ ভাৰতত এই ভেকচিন ছিৰাম ইন্‌ষ্টিটিউট অব্‌ ইণ্ডিয়াই উৎপাদন কৰি আছে আৰু প্ৰতিষ্ঠানটোৰ তত্ত্বাৱধানত দেশত ইয়াৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা চলি আছে৷ ডাঃ গুলেৰিয়াৰ মতে অক্সফ’ৰ্ডৰ ভেকচিন সুৰক্ষা আৰু কাৰ্যকৰিতাক লৈ কোনোধৰণৰ আপোচ কৰা নহ’ব৷ বৰ্তমান ৭০-৮০ হাজাৰ স্বেচ্চাসেৱকক ভেকচিন দিয়া হৈছে আৰু কোনোধৰণৰ গুৰুতৰ পাশ্বৰ্ক্ৰিয়া হোৱা পৰিলক্ষিত হোৱা নাই

LEAVE A REPLY

Please enter your comment!
Please enter your name here