আতংক : জয়পুৰ বৰ্ষাৰণ্যত কিয়?

0
2139

কালি পুৱা নাহৰকটীয়াৰ জয়পুৰ বৰ্ষাৰণ্যৰ ভিতৰচ’ৰাত এটা হাতীৰ পোৱালিৰ মৃতদেহ উদ্ধাৰ হোৱা আৰু এই মৃত্যুৰ কাৰণ হিচাপে পশু চিকিৎসকে যি ৰোগৰ কথা সন্দেহ ব্যক্ত কৰিছে, তাক লৈ তীব্ৰ আতংকৰ সৃষ্টি হৈছে সমগ্ৰ জয়পুৰ অঞ্চলত৷ প্ৰণিধানযোগ্য যে জয়পুৰ বৰ্ষাৰণ্যৰ মাজেৰে জয়পুৰৰ পৰা নামচাঙলৈ যোৱা পথৰ পৰা প্ৰায় পাঁচ কিল’মিটাৰ দূৰৈত আৰু তৰাজান অঞ্চলৰ ঘন অৰণ্যৰ ভিতৰত যোৱা তিনি ডিচেম্বৰত বন বিভাগৰ লোকে এটা হাতীৰ পোৱালি মৃত অৱস্থাত পৰি থকাৰ তথ্য লাভ কৰি উদ্ধাৰ অভিযানত নামি পৰে৷ মন কৰিবলগীয়া যে ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় ১০ বছৰীয়া পোৱালিটোৰ মৃতদেহ উদ্ধাৰ কৰি প্ৰথম অৱস্থাত পশুটোৰ মৃত্যুৰ কাৰণ আন কোনো জন্তুৰ সৈতে সংঘৰ্ষ বুলি সন্দেহ কৰে৷ কিন্তু পাছত তিনিচুকীয়াৰ গুঁইজান আৰু নাহৰকটীয়াৰ পৰা অহা পশু চিকিৎসকে পোৱালিটো এন্‌থ্ৰাক্স ৰোগৰ চিকাৰ হৈ মৃত্যুমুখত পৰাৰ সন্দেহ ব্যক্ত কৰাত সকলোৰে মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ প্ৰণিধানযোগ্য যে চিকিৎসকে প্ৰকাশ কৰা মতে, পূৰ্বতে এই ৰোগত আক্ৰান্ত কোনো আন জীৱ-জন্তু অথবা আক্ৰান্ত হৈ মৃত্যুমুখত পৰা কোনো জন্তুৰ মৃতদেহৰ স্পৰ্শলৈ অহা পানী বা ধূলিৰ পৰাও এই ৰোগ বিয়পাৰ আশংকা থাকে৷ তেনে প্ৰেক্ষাপটত এই মাখুন্দিজনীও এনে কোনো ধৰণেৰেই আক্ৰান্ত হৈ মৃত্যুমুখত পৰাৰ আশংকা কৰাৰ লগতে হাতীৰ পোৱালিটোৰ মৃতদেহৰ পৰাও ভৱিষ্যতে বনাঞ্চলখনৰ অধিক জীৱ-জন্তু, আনকি মানুহো আক্ৰান্ত হোৱাৰ আশংকা থকাৰ কথা ব্যক্ত কৰে৷ মন কৰিবলগীয়া যে এনে ৰোগতে আক্ৰান্ত হৈ ওড়িষাৰ এক বনাঞ্চলত একেলগে ১৮টাকৈ হাতীৰ মৃত্যু হোৱাৰ তথ্যই এই আশংকা অধিক বৃদ্ধি কৰিছে৷ এই আশংকাৰ প্ৰতি লক্ষ্য ৰাখি জয়পুৰ বন বিভাগে মৃত হাতীৰ পোৱালিটো পুতি থোৱাৰ পৰিৱৰ্তে জ্বলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কিয়নো চিকিৎসকে প্ৰকাশ কৰা মতে, এই ৰোগত আক্ৰান্ত জীৱ-জন্তুৰ মৃতদেহ পুতি ৰখাৰ ১০ বছৰ পাছতো ইয়াৰ অৱশিষ্ট পানী অথবা মাটিৰ সংস্পৰ্শত আহি অন্যান্য জীৱ-জন্তু আৰু মানুহৰ বাবে ভয়ংকৰ বিপদ কঢ়িয়াই আনিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here