এইবাৰ সুৰাৰ বিৰুদ্ধে হেলিকপ্টাৰ :ক’ত ?

0
396
সুৰাৰ বিৰুদ্ধে চৰকাৰী প্ৰশাসনে বিভিন্ন সময়ত অভিযান চলায়৷ আবকাৰী বিভাগ, পুলিচ প্ৰশাসনে এইদৰে অভিযান চলাওঁতে গাড়ী-মটৰ আদি ব্যৱহাৰ কৰা দেখা যায়৷ কিন্তু আচৰিত লাগিলেও সঁচা, এইবাৰ সুৰাৰ ঘাটি উচ্ছেদ বা সুৰাৰ বিৰুদ্ধে অভিযান ব্যৱহাৰ কৰা হ’ল হেলিকপ্টাৰ৷ অবৈধ সুৰা প্ৰস্তুত কৰা ভাতী আৰু বেহাৰ পম খেদিবলৈ বিহাৰ চৰকাৰে এইবাৰ কামত লগাইছে হেলিকপ্টাৰ৷ সুৰাৰ বিৰুদ্ধে নিষেধাজ্ঞা উলংঘন কৰা অবৈধ সুৰা বেপাৰীৰ বিৰুদ্ধে লোৱা ব্যৱস্থা কঠোৰ কৰি ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে এই কাৰ্যত ড্ৰন নিয়োগ কৰিছিল৷ অবৈধ সুৰাৰ চোৰাং বেহা ধৰা পেলাবলৈ ৰাজ্যখনত হেলিকপ্টাৰৰ সহায় লোৱা হৈছে৷ উল্লেখ্য যে ৰাজ্যখনত ২০১৬ চনৰ ৬ এপ্ৰিলত সুৰা নিষিদ্ধ কৰা হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here