ৰাজ্যত প্ৰথমবাৰলৈ চকলেট গছ ৰোপণ

0
309

তিনিচুকীয়া জিলাৰ ইটাখুলি উন্নয়ন খণ্ডৰ সৌজন্যত এম জি এনৰেগা আঁচনিৰ ‘স্বনিৰ্ভৰ নাৰী আত্মনিৰ্ভৰ অসম’ৰ অধীনত তিনিচুকীয়াৰ লাংকাচি গাঁৱত খেতিয়কসকলে কম সময়ৰ ভিতৰতে সৰ্বাধিক উৎপাদন কৰি লাভান্বিত হোৱাকৈ হৰেশ্বৰ ফুকন আৰু লক্ষ্মীনাথ চেতিয়াৰ প্ৰচেষ্টাত ক’ক’ [চকলেট গছ)ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰে৷ উজনি অসমৰ তিনিচুকীয়া জিলাৰ লাংকাচি গাঁৱত পোনপ্ৰথমবাৰৰ বাবে এই ক’ক’ (চকলেট) গছ ৰোপণ কৰিছে৷ উজনি অসমৰ এই গাঁওখন ক’ক’ (চকলেট গছ) খেতিৰ বাবে বিখ্যাত হৈ পৰিব৷ গাঁওখনৰ ৪০গৰাকীকৈ হিতাধিকাৰীক লগত লৈ প্ৰতিগৰাকী হিতাধিকাৰীৰ ৩ বিঘাকৈ মাটিত প্ৰথমবাৰৰ বাবে কৰা হ’ব এই চকলেট গছৰ খেতি৷ প্ৰতি বিঘাত ১৪০টাকৈ পুলি ৰোপণ কৰিব পৰাকৈ প্ৰায় ১৬০০তকৈ অধিক ক’ক’ পুলি (চকলেট গছ) প্ৰদান কৰে৷ হিতাধিকাৰীসকলক উদ্দেশ্যি এই খেতিৰ বিষয়ে ইটাখুলি খণ্ড উন্নয়ন বিষয়া শিখামণি গগৈয়ে সবিশেষ বৰ্ণনা কৰে৷ উল্লেখ্য যে এই খেতি ৰোপণ কৰা তিনি বছৰৰ পাছতে ইয়াৰ ফল ধৰিব৷ ই ত্ৰিশ বছৰলৈকে ফল দিব৷ যাৰ বাবে এই ক’ক’ (চকলেট গছ)ৰ খেতিয়কসকলে লাভান্বিত হ’ব পাৰিব৷ অনুষ্ঠানত অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণে গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে৷ মন্ত্ৰী কিষাণে সংবাদ মাধ্যমৰ আগত জনায় যে স্ব-নিৰ্ভৰ অসম গঢ় দিবলৈ আৰু নিবনুৱাক সংস্থাপিত কৰিব পৰাকৈ অনাগত দিনত তিনিচুকীয়াৰ বিভিন্ন ঠাইত এই ক’ক’ (চকলেট গছ) পুলি প্ৰদান কৰিব৷ অৰুণ মৰাণৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত কৃষি বিভাগৰ সহকাৰী পৰিদৰ্শক পুলক গগৈ, জিলা পৰিষদৰ বিষয়ববীয়া, লাংকাচি গাঁৱৰ বিভিন্ন মহিলা গোটৰ বিষয়ববীয়াসহ স্থানীয় ৰাইজ উপস্থিত আছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here